NORTHEAST NOW (Assamese)

ভেকচিন লৈ অসুস্থ স্বেচ্ছাসেৱক; স্থগিত ৰখা হ’ল Johnson & Johnsonৰ কৰ’না ভেকচিনৰ ট্ৰায়েল

October 13, 2020 10:44 am · এন ই নাও নিউজ

Johnson & Johnsonৰ কৰ’না ভেকচিনৰ ট্ৰায়েল সাময়িকভাৱে স্থগিত ৰখা হৈছে। ভেকচিন লোৱাৰ পাছতে এজন স্বেচ্ছাসেৱক অসুস্থ হৈ পৰাৰ পাছত কোনো ৰিস্ক ল’ব নিবিচাৰি কোম্পানীটোৱে পৰীক্ষা স্থগিত ৰাখে।

কোম্পানীটোৱে জানিবলৈ দিছে যে এতিয়া সাময়িকভাৱে সকলো ক্লিনিকেল ট্ৰায়েল স্থগিত ৰখা হৈছে। তদুপৰি, তৃতীয় পৰ্যায়ত আহি ৰোৱা ট্ৰায়েলো বন্ধ কৰি দিয়া হৈছে কিয়নো এজন স্বেচ্ছাসেৱক অসুস্থ হৈ পৰিছে আৰু তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

সেয়েহে, ক্লিনিকেল ট্ৰায়েলৰ বাবে এতিয়া আৰু কোনো স্বেচ্ছাসেৱকক পঞ্জীয়ন কৰা হোৱা নাই।

Johnson & Johnsonয়ে প্ৰায় ৬০হাজাৰ স্বেচ্ছাসেৱকৰ ওপৰত ভেকচিনৰ পৰীক্ষা কৰাৰ পৰিকল্পনা কৰিছে।

কোম্পানীটোৰ নিৰ্দেশনা অনুসৰি এইবাৰ কোনো অংশগ্ৰহণকাৰী সেই বিশেষ ড্ৰাগৰ পৰা অসুস্থ হৈছে নে নাই সেয়া চোৱা হ’ব। সেইদৰে ঠিক কৰা হ’ব ট্ৰায়েল চলোৱা হ’বনে নাই।

কৰ’নাৰ ভেকচিনৰ সন্ধানত তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল বিভিন্ন দেশত চলি থকাৰ মাজতে গৱেষণা এইদৰে থমকি ৰৈছে।

Related News