কোভিডৰ সংক্ৰমণে সংহাৰী ৰূপ ধাৰণ কৰা ভাৰতবৰ্ষত আজি জনছন এণ্ড জনছনৰ কৰ’না ভেকচিনেৰ জৰুৰী ব্যৱহাৰত অনুমোদন জনোৱা হয়।
কেন্দ্ৰীয় স্বাস্থ্য মনসুখ মাণ্ডব্যই আজি টুইটযোগে এই কথা প্ৰকাশ কৰিছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত এইবুলি কৈছে যে ভাৰতে ভেকচিনৰ ভাণ্ডাৰ বেছি মজবুত কৰাৰ কথা ভাবিছে।সেয়ে জনছন এণ্ড জনছনৰ কৰ’না ভেকচিনৰ জৰুৰী ব্যৱহাৰত অনুমোদন জনোৱা হৈছে। ইয়াকেলৈ ভাৰতৰ মুঠ ভেকচিনৰ সংখ্যা ৫ টালৈ বৃদ্ধি পালে।
ভাৰতত এতিয়া কোভাক্সিন, কোভশ্বিল্ডকে ৰাছিয়াৰ স্পুটনিক ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। চীনৰ ভেকচিনো ভাৰতে ক্ৰয় কৰিছে।
উল্লেখ্য ২০২০ চনৰ ২৭ ছেপ্তেম্বৰত প্ৰথম ট্ৰায়েলতে ভাল সঁহাৰি লাভ কৰিছিল জনছন এণ্ড জনছনৰ কৰ’না ভেকচিনে।
এই ভেকচিনৰ প্ৰথম ট্ৰায়েলৰ পৰ্যায়তে শক্তিশালী প্ৰতিৰোধ ক্ষমতাৰ (ইমিউন) সঁহাৰি পোৱা গৈছিল। কোম্পানীটোৰ ভেকচিনৰ ছিংগল ড’জতেই সাফল্য পোৱা বুলি কোৱা হৈছিল।
জনছন এণ্ড জনছনৰ ভেকচিনটোৰ নাম হৈছে Ad26.COV2.S।
ভেকচিনটো দুটা ভিন্ন ড’জ দি প্ৰস্তুত কৰা হৈছে আৰু প্ৰথমতে ছিংগল ড’জৰ পৰীক্ষাতে ভাল ফল লাভ কৰাৰ কথা সদৰী কৰিছে জনছন এণ্ড জনছনে।
প্ৰথম ট্ৰায়েলত ১,০০০ গৰাকী স্বেচ্ছাসেৱকে অংশ লৈছিল।
প্ৰাথমিকভাৱে বান্দৰৰ ওপৰত ভেকচিনটোৰ ট্ৰায়েল চলোৱা হৈছিল আৰু তাত সফলতা পোৱা গৈছিল।
সংস্থাটোৱে ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ সৈতে দ্ৰুতভাৱে পৰ্যাপ্ত উৎপাদন সম্পৰ্কত চুক্তি স্বাক্ষৰ কৰিছে।
জনছন এণ্ড জনছনৰ এই ভেকচিন ১৮ৰ পৰা ৫৫বছৰৰ ওচৰৰ ৬৫বছৰ বা তাতকৈ অধিক বয়সৰ এনেকুৱা ১০৪৫জন লোকৰ ওপৰত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰি চোৱা হৈছে।
জনছন এণ্ড জনছনৰ ভেকচিনৰ পৰীক্ষা প্ৰধানকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বেলজিয়ামত সম্পন্ন কৰা হৈছে।
জনছন এণ্ড জনছনে জানিবলৈ দিয়া মতে, স্বেচ্ছাসেৱকসকলৰ ভিতৰত ৬৫বছৰৰ উৰ্দ্ধৰ ব্যক্তিৰ মাজত ৩৬শতাংশৰ ক্লান্তি আৰু মাংসপেশীত বিষ অনুভৱ হোৱাৰ বিপৰীতে বাকী ৬৪ শতাংশ কম বয়সস্থ সকলৰ মাজত তেনে সমস্যা দেখা দিয়া নাই।