কোকৰাঝাৰত আৰক্ষী-সেনাৰ যৌথ অভিযানত আটক সাতজন দুৰ্ধৰ্ষ কে এল অ’ সদস্য

WhatsApp-Image-2020-05-08-at-6.21.25-AM-1140x570

ফটো: নৰ্থইষ্ট নাও

অসম আৰক্ষী আৰু সেনাৰ এটা যৌথ অভিযানকাৰী দলে বৃহস্পতিবাৰে নিশা কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন(কে এল অ’)ৰ সাতজন দুৰ্ধৰ্ষ সদস্যক আটক কৰে।

যৌথ অভিযানকাৰী দলটোৱে লগতে বিদ্ৰোহী সংগঠনটোৰ এটা সদস্য ভৰ্তি শিৱিৰো ধ্বংস কৰে।

নিযুক্তি প্ৰক্ৰিয়াটো পৰিচালনা কৰিছিল সংগঠনটোৰ ম্যানমাৰত প্ৰশিক্ষিত এজন স্বয়ম্ভু ছেকেণ্ড লেফটেনেন্ট তথা নামনি অসমৰ এৰিয়া কামাণ্ডাৰ লংকেশ্বৰ কোচ ওৰফে লম্বুৱে।

তেওঁক সহায় কৰিছিল বাংলাদেশত প্ৰশিক্ষিত চাৰিজন আৰু স্থানীয়ভাৱে প্ৰশিক্ষিত দুজন সদস্যই।

জানিব পৰা মতে, নিবনুৱা আৰু অশিক্ষিত যুৱকসকলক নিযুক্তিৰ ক্ষেত্ৰত লক্ষ্য কৰি লোৱা হৈছিল।

বনাঞ্চলৰ ভিতৰত এখন বৈঠকত যোগ দিবলৈ অহাৰ সময়তে সদস্যকেইজনক কৰায়ত্ত কৰা হয়।

বিদ্ৰোহীকেইজনৰ পৰা বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয় যাৰ ভিতৰত মুঠ সাতটা পিষ্টলো আছে।

এই সাতজন সদস্যক আটক কৰা তথা সদস্য ভৰ্তি চক্ৰটো উৎখাত কৰাটো কে এল অ’ৰ বাবে ডাঙৰ আঘাত হিচাপে বিবেচিত হৈছে।

এন ডি এফ বিৰ আত্মসমৰ্পনৰ পাছত সংগঠনটোৱে গুৰুত্ব লাভৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছিল।

আৰক্ষী-সেনাৰ এই শক্তিশালী যৌথ অভিযানৰ ফলত এই সংগঠনবোৰৰ মনোবল হ্ৰাস কৰাৰ লগতে তেওঁলোকক বেকফুটলৈ ঠেলি দিব আৰু কোকৰাঝাৰত শান্তিৰ পৰিৱেশ প্ৰতিষ্ঠা হ’ব বুলি অভিযানকাৰী দলৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।