• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘জোনাকী’: গুৱাহাটী বিশ্ববিদ্যালয়ত চলচ্চিত্ৰ মহোৎসৱ আয়োজন শিক্ষাৰ্থীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 27, 2018 7:19 pm

2 min read

Still from film Crossing Bridges arunachal

মহোৎসৱত প্ৰদৰ্শিত হ’ব লগা ‘Crossing bridges’ চিনে’মাৰ এটি স্থিৰচিত্ৰ। ছবি- desishoots.comৰ।

577
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে অহা ২৯ আৰু ৩০ নৱেম্বৰত আয়োজন কৰিছে “জোনাকী” চলচ্চিত্ৰ মহোৎসৱ।

“অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক ভাষাৰ চলচ্চিত্ৰক মঞ্চ প্ৰদানৰ জৰিয়তে শৈক্ষিক আৰু সামাজিক প্ৰগতিৰ যাত্ৰাক এক নতুন মাত্ৰা প্ৰদান কৰাটো এই মহোৎসৱৰ মূলমন্ত্র। প্ৰদৰ্শনীৰ লগতে ২৯ নৱেম্বৰত “চলচ্চিত্ৰ নিৰ্মাণ” আৰু ৩০ নৱেম্বৰত “চিত্ৰনাট্য লিখন” বিষয়ক দুটা কৰ্মশালাৰো আয়োজন কৰা হৈছে,” মঙলবাৰে গুৱাহাটী প্ৰে’ছ ক্লাবত সংবাদমেলযোগে জনাই আয়োজকসকলে।

অসমীয়া, বড়ো, ৰাভা, মিছিং, বাংলা, নাগামিজ আৰু মণিপুৰী ভাষাৰ মুঠ ১৩খন চলচ্চিত্ৰ উৎসৱটোত প্ৰদৰ্শিত হ’ব। বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত আৰু অসম আৰ্হিৰ প্ৰেক্ষাগৃহত চিনেমাসমূহ প্ৰদৰ্শিত হ’ব। ৰাইজক মহোৎসৱত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে বিভাগটোৰ মুৰব্বী অংকুৰণ দত্ত, বিভাগীয় প্ৰতিনিধি পলাশ জ্যোতি বৰা আৰু “জোনাকী”ৰ সমন্বয়ক সুব্ৰত দত্তই।

Subrat Dutta Chief Cordinator of Jonaki film festival addressing press conference regarding Jonaki film festival, organised by Department of communication and Journalist, Gauhati University at Guwahati on 27-11-18.Pix by UB Photos
‘জোনাকী’ৰ মঙলবাৰৰ সংবাদমেল। ছবি- ইউ বি।

কাংবা লাভজয়ৰদ্বাৰা পৰিচালিত মণিপুৰী চিনেমা “My Father’s Letter” প্ৰদৰ্শনেৰে উৎসৱটো আৰম্ভ হ’ব। প্ৰথম দিনা প্ৰদৰ্শিত হ’ব লগা বাকী চিনে’মাসমূহ হ’ল– চাংগে দৰ্জী থংদক পৰিচালিত ২০১৩ চনত ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অৰুণাচলী চিনেমা “Crossing Bridges”, কংকণ ডেকাৰ অসমীয়া চিনেমা “বিউটিফুল লাইভছ”, ৰীমা বৰাৰ অসমীয়া চিনেমা “বকুল”, সুৰজ দুৱৰা ৰাভা ভাষাত ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত “অৰং- Strangers In The Mist” আৰু ভাস্কৰজ্যোতি মহন্তৰ ২০১৩ চনত সংগীত পৰিচালক শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা “যুগদ্ৰষ্টা”।

মহোৎসৱৰ দ্বিতীয় দিনা প্ৰদৰ্শিত হ’ব ববী শৰ্মা বৰুৱা পৰিচালিত “সোণাৰ বৰণ পাখি”, টাইকুমজুক আয়েৰৰ নাগামিজ চলচিত্ৰ “Nana- A Tale Of Us”, দীপ চৌধুৰীৰ “অলিফা”, ধ্ৰুৱ বৰদলৈৰ “দূৰণিৰ নিৰলা পঁজা”, ভদা খেৰকটাৰীৰ বড়ো চলচ্চিত্ৰ “চিলিংখাৰ” আৰু নাৰায়ণ ছিল পৰিচালিত “লী-লেন”। ঝুলন কৃষ্ণ মহন্ত পৰিচালিত অসমীয়া চলচ্চিত্ৰ “নদী মাথোঁ বয়” প্ৰদৰ্শনেৰে মহোৎসৱৰ সামৰণি পেলোৱা হ’ব।

মহোৎসৱটোত বিশিষ্ট অতিথি হিচাপে শিল্পী জুবিন গাৰ্গ, পৰিচালক ৰাজেশ ভূঞা, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটা, প্ৰযোজক তথা ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গ, চলচ্চিত্ৰ সমালোচক মনোজ বৰপূজাৰী, বাদ্যযন্ত্রী ৰাজা বৰুৱা, অভিনেত্ৰী জেৰিফা ৱাহিদ, অমৃতা গগৈ, ডা: জাহানাৰা বেগম, পৰিচালক কেনি বসুমতাৰী, ধ্ৰুৱজ্যোতি বৰদলৈ, দীপ চৌধুৰী, কংকন ডেকা আৰু ঝুলন কৃষ্ণ মহন্ত উপস্থিত থাকিব। অনুষ্ঠানটোত সভাপতিত্ব কৰিব বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য মৃদুল হাজৰিকাই, পঞ্জীয়ক সুৰেশ কুমাৰ নাথে আগবঢ়াব আদৰণি ভাষণ।

৫০ বছৰ পাৰ হোৱা বিভাগটোৱে ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ আৰু ৰাষ্ট্ৰীয় বিজ্ঞান চলচ্চিত্ৰ মহোৎসৱো অনুষ্ঠিত কৰিছিল।

Recent News

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd