• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটৰ দম্পতিৰ মৰম, চেনেহ, আদৰ, হেঁপাহত চুলায়ে নিথৰুৱা কৰা চাৰি বাগান সন্তান

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
May 6, 2019 5:18 am
Jorhat couple adopts four siblings after parents’ death in hooch tragedy

সহোদৰ শিশু চাৰিটিৰ সৈতে শৰ্মা দম্পতি। ছবি সৌজন্য-- ফে’চবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বুজ” কি চাগে নুবুজোঁতেই সিহঁতৰ মা-বাবা মৰি গৈছে। ঘৰ সিহঁতৰ “আশ্ৰয়” আৰু নোহোৱা হৈছে। যি বুলি মাতিলে সিহঁতি ঘূৰি চাবলৈ শিকিছিল, সেই নামো এতিয়া সলোৱা হৈছে।

শ্ৰমিক জীৱনৰ নিৰ্দোষ অৱসৰৰ একমাত্ৰ সম্বল বিষাক্ত চুলায়ে মাক-দেউতাকক কাঢ়ি নিয়া গোলাঘাটৰ শালমিৰা চাহ বাগানৰ মণিকা, বাদল, কুন্দন আৰু চন্দন এতিয়া যোৰহাটৰ শিক্ষক দম্পতিৰ ঘৰৰ মৰম, চেনেহ, আদৰ আৰু হেঁপাহ।

Apply Now

যোৰহাটৰ সান্ত্বনা আৰু দেৱব্ৰত শৰ্মাই ইংগিতময় নামকেইটাৰে সৈতে আঁকোৱালি লৈছে অসমৰ শেহতীয়া চুলাই (?) ত্ৰাজিদিটোত নিথৰুৱা হোৱা ল’ৰা-ছোৱালী চাৰিটাক।

সেউজী পাতৰ আঁৰৰ লাইনত বঢ়া কণমানিকেইটাই এতিয়া নগৰৰ সুবিধাপূৰ্ণ ঘৰত লৈছে জীৱনৰ বাটৰ পাঠ। আৰু সন্তানহীন (সান্ত্বনা শৰ্মাৰ মতে ব্যস্ততা আৰু আৰ্থিক– তেওঁলোকৰ সন্তানহীনতাৰ এটা কাৰণ) শৰ্মা দম্পতিয়ে লৈছে অভিভাৱকত্বৰ আনন্দ আৰু ইটো-সিটো।

“সিহঁতকেইটাৰ বয়স ১১, ৯, ৬ আৰু ৩ বছৰ। একেবাৰে সৰু ল’ৰাটোক শৌচ-পেচাৱ কৰিবলৈ শিকাব লগা হৈছে। তাতকে ডাঙৰটোৱে ৰাতি বিচনাত পেচাৱ কৰে…হয়তো ভয় সোমোৱাৰ কাৰণে…আৰু হয়তো তাক মৰম আৰু চাইক’থেৰাপিৰ প্ৰয়োজন,” সান্ত্বনা শৰ্মাই জনায়।

ল’ৰা-ছোৱালীকেইটা একে মাক-দেউতাকৰ। ডাঙৰজনী ছোৱালী। ভায়েককেইটাক চোৱা-চিতা কৰাৰ তাইৰ অভ্যাস আছে। বাগানৰ ব্যস্ত, কঠোৰ জীৱনত ১১ বছৰীয়া ছোৱালীজনীয়ে ভায়েকহঁতক চোৱাৰ লগতে লাগিছিল ভাত ৰন্ধাতো। ‘‘খালী পঢ়াত তাইৰ মনোযোগ কম,” সিহঁতক স্কুলত দিয়াৰ কথা উল্লেখ কৰি সান্ত্বনাৰ মন্তব্য।

সিহঁতক চোলাধৰাৰ যোৰহাট জাতীয় বিদ্যালয়ত নাম লগাই দিয়া হৈছে। ডাঙৰ সৰু নাচাই গোটেইকেইটাকে একে শ্ৰেণীতে সদ্যহতে নাম লগোৱা হৈছে। প্ৰাথমিক পাঠ গ্ৰহণৰ পিছত বয়সভেদে বেলেগ বেলেগ শ্ৰেণীত সিহঁতক নামভৰ্তি কৰোৱাৰ পৰিকল্পনা কৰিছে শৰ্মা দম্পতিয়ে।

“কাৰণ সিহঁত প্ৰথমবাৰৰ কাৰণে স্কুললৈ গৈছে। শালমিৰা বাগিচাৰ পৰা আটাইতকৈ ওচৰৰ স্কুলখনলৈয়ো বহুত দূৰ। যিহেতু সিহঁতৰ মাক-দেউতাক দুয়ো বাগানত কাম কৰিছিলে, গতিকে ইমান সৰু ল’ৰা-ছোৱালীকেইটা ইমান দূৰ যোৱাটো সম্ভৱ নাছিল,” শিক্ষা-স্বাস্থ্য-বাগানৰ উন্নতিৰ ৰাজনৈতিক হুলস্থূলৰ অস্বস্তিদায়ক বিপৰীত ছবিৰূপে গণ্য হ’ব পৰা এই মন্তব্য সান্ত্বনাৰ।

ল’ৰা-ছোৱালীকেইটাই গাত লৈ আহিছে অসমৰ চাহ বাগিচাৰ এখন ছবি। ঘৰলৈ অনাৰ পিছত সিহঁতক পেলুৰ দৰৱ খুওৱা হৈছে, ছিটা দিয়া হৈছে, ছালৰ সংক্ৰমণৰ চিকিৎসা কৰোওৱা হৈছে, সান্ত্বনাই জনায়।

দম্পতিটোৱে ল’ৰা-ছোৱালীকেইটাক আনিছিল গোলাঘাটৰ শিশু কল্যাণ গৃহৰ পৰা। পাঁচ বছৰ লালন-পালন কৰাৰ পিছত শৰ্মা দম্পতিয়ে শিশুকেইটাক আনুষ্ঠানিকভাৱে তুলি ল’ব পাৰিব।

শিশুকেইটা তুলি লোৱাৰ কথাটো কেনেকৈ তেওঁলোকৰ মনলৈ আহিল? সহোদৰ ল’ৰা-ছোৱালীকেইটা বেলেগ বেলেগ ঘৰত পৰিলে ভুগিব লগা যন্ত্ৰণাই তেওঁলোকক এই সিদ্ধান্ত ল’বলৈ ঠেলি দিছিল, জনায় সান্ত্বনাই।

“টি ভিত আমি সিহঁতকেইটাক দেখিছিলো। এংকৰজনে কৈ আছিল কোনে এওঁলোকৰ দায়িত্ব ল’ব? আমি ভাবিলো আমিনো কিয় নলওঁ,” সান্ত্বনাই জনায়।

যোৱা ২২ এ’প্ৰিলত তেওঁলোক শিশু গৃহটোলৈ গৈছিল আৰু সেইদিনাই আনুষ্ঠানিকতা পূৰ কৰি ল’ৰা-ছোৱালীকেইটা নিজ ঘৰলৈ লৈ আহিছিল।

২২ এ’প্ৰিল দিনটোকে আটাইকেইটা ল’ৰা-ছোৱালীৰ জন্মদিনৰূপে উদযাপনৰ সিদ্ধান্ত লৈছে দম্পতিহালে।

“সেইদিনাখনেই লে’নিনৰো জন্ম,” কমিউনিষ্ট আৰু একাংশ জাতীয় মুক্তি সংগ্ৰামীৰ বিপ্লৱী প্ৰেৰণা আৰু একে সময়তে অ-কমিউনিষ্ট বাওঁপন্থীৰ বাবে স্বেচ্ছাচাৰৰ নমুনা ছভিয়েট ইউনিয়নৰ প্ৰথম প্ৰীমিয়াৰজনৰ উল্লেখেৰে সান্ত্বনাৰ মন্তব্য।

শৰ্মা দম্পতি কমিউনিষ্ট আদৰ্শনিষ্ঠৰূপে জনাজাত।

সান্ত্বনা শৰ্মা যোৰহাট জাতীয় বিদ্যালয়ৰ অধ্যক্ষা। দেৱব্ৰত শৰ্মা বৰ্তমান যোৰহাট কলেজৰ অধ্যক্ষ হোৱাৰ লগতে সু-বৃহৎ অসমীয়া জাতীয় অভিধানৰো মুখ্য সম্পাদক।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd