যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী ড: ৰনোজ পেগুৰ নিৰ্দেশ মৰ্মে দেওবাৰে বিয়লি জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু আৰক্ষী অধীক্ষক অংকুৰ জৈন টীয়ক ৰাজহ চক্ৰ বিষয়া সৌভিক ভূঞা সহিতে জিলাখনৰ ভিতৰতে সৰ্বোচ্চ কভিড আক্ৰান্ত হোৱা চিন্তামণিগড়ৰ ঘোৰাচৰা পথাৰৰ অঞ্চল পৰিদৰ্শন কৰে।
তেওঁলোকে অত্যাধুনিক পদ্ধতিৰে দ্ৰোণ যোগে পৰিদৰ্শন কৰি ৰাইজক ক’ভিডৰ চৰকাৰী নীতি-নিয়মসমূহ মানি চলিবলৈ নিৰ্দেশ দিয়ে৷
লগতে যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমাৱৰ্তী অঞ্চলসমূহ বাঁহৰ বেৰাৰে বন্ধ কৰিবলৈ স্থানীয় আৰক্ষীক নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে,ভগামুখ, চিন্তামণি গড়,জেলেঙীটুপ আদি ঠাইসমূহ বৰ্তমান ক’ভিডৰ ৰেড জ’ন হিচাপে চিনাক্ত কৰা হৈছে৷ সেয়ে এই ঠাইসমূহত ক’ভিড ৰোধ কৰাৰ উদ্দেশ্য আজি এই অভিযান চলোৱা হৈছে আৰু এনেধৰণৰ অভিযান আগলৈও প্ৰায়ে চলাই নিয়াৰ বিষয়ে জিলা প্ৰশাসনে অবগত কৰিছে৷
তদুপৰি, ক’ভিড সংক্ৰমণ বৃদ্ধিৰ সময়চোৱাত অবৈধ সুৰা তথা চুলাই মদৰ আড্ডাসমূহৰ পৰা যাতে অধিক সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে অবৈধ সুৰাৰ বিৰুদ্ধে তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু উক্ত ঘাটিবোৰ উচ্ছেদৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ সহযোগিতা বিচাৰিছে।
আনহাতে, পৰিদৰ্শন কালত জিলা প্ৰশাসনৰ দলটোৱে উক্ত ঠাইসমূহত ক’ভিড সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত চৰকাৰে দিয়া নীতি-নিয়ম অৱলম্বন কৰি চলিবলৈ সকলোকে আহ্বান জনায়।