NORTHEAST NOW (Assamese)

ট্ৰাম্পক গোলকীয় উষ্ণতা সন্দর্ভত বুজাই দি বিশ্বৰ দৃষ্টি কাঢ়িলে অসমৰ আস্থাই

November 27, 2018 12:25 pm · এন ই নাও নিউজ
আস্থা শৰ্মা। ফটো : টুইটাৰ

অসমৰ যোৰহাটৰ আস্থা শৰ্মা নামৰ ১৮ বছৰীয়া ছাত্ৰীগৰাকীয়ে এইবাৰ বিশ্বৰ দৃষ্টি কাঢ়িছে টুইটাৰৰ জৰিয়তে। গোলকীয় উষ্ণতা প্ৰসংগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ টুইটাৰত তৰল মন্তব্য এটাৰ কটাক্ষসূচক উত্তৰ দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

থেংক্‌ছ গিভিং নামৰ অনুষ্ঠানত প্ৰচণ্ড শীত অনুভৱ কৰা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টুইটাৰত লিখিছিল, ‘শীতে একধৰণৰ নৃশংস আৰু সৰ্বগ্ৰাসী ৰূপ লৈছে। গোলকীয় উষ্ণতাটো এতিয়া ক’লৈ গ’ল?

ট্ৰাম্পৰ এনে মন্তব্যৰ প্ৰত্যুত্তৰ হিচাপে যোৰহাটৰ আস্থাই ট্ৰাম্পক টুইট কৰিল, ‘মই আপোনাতকৈ ৫৪ বছৰে সৰু। মজলীয়া ধৰণৰ নম্বৰ লাভ কৰি হাইস্কুল শিক্ষান্ত পাছ কৰিছোঁ। মোৰ দৰে ছাত্ৰীগৰাকীয়েও আপোনাক ক’ব পাৰে যে বতৰ আৰু জলবায়ু একে বিষয় নহয়। আপোনাৰ যদি বুজিবলৈ অসুবিধা হৈছে, তেন্তে মই দ্বিতীয় শ্ৰেণীত কিনা বিশ্বকোষখন আপোনাক পঢ়িবলৈ দিব পাৰোঁ। ইয়াত ছবিসহ ভালকৈ বুজোৱা আছে।‘

আস্থাৰ এনে প্ৰত্যুত্তৰে টুইটাৰৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীৰ মাজত ছাত্ৰীগৰাকীক জনপ্ৰিয় কৰি তুলিছে। আস্থাৰ এই টুইটে ১৭ হাজাৰ ‘লাইক’ পোৱাৰ উপৰি ৩ হাজাৰ টুইটাৰ ব্যৱহাৰকাৰীয়ে বাৰ্তাটো ‘ৰি-টুইট’ কৰিছে।

বহুতে আনকি আস্থাক ভৱিষ্যতৰ আশা বুলি অভিহিত কৰিছে। তদুপৰি,বহুতেই বতৰৰ পৰিৱৰ্তনৰ ওপৰত অধ্যয়ন চলাবৰ বাবে শিক্ষা বিষয়ক প্ৰকল্পলৈ আস্থাক আমন্ত্ৰণো জনাইছে।

Related News