• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাটৰ ‘নগ্ন’ প্ৰতিবাদকাৰীয়ে এইবাৰ বিচাৰিলে অসমৰ ‘স্বাধীনতা’

Smita Addy স্মিতা ভট্টাচাৰ্য্য
যোৰহাট , December 2, 2020 10:30 am

2 min read

Untitled-3

যোৰহাটৰ 'নগ্ন' প্ৰতিবাদকাৰী।

7.5k
VIEWS
Share on FacebookShare on Twitter

এসময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগ্ন প্ৰতিবাদ সাৱ্যস্ত কৰি চাঞ্চল্যৰ সৃষ্টি কৰা প্ৰতিবাদকাৰী মন্টু দত্ত পুনৰ বাতৰিৰ মাজলৈ ঘুৰি আহি আহিছে।এইবাৰ তেওঁ দাবী কৰিছে অসমৰ ‘স্বাধীনতা’।

পৰম্পৰাগত সাজ ধূতি পিন্ধি আৰু ডিঙিত গামোচা লৈ ৪৫বছৰীয়া দত্তক মঙলবাৰে যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত হাতত এখন প্লে’কাৰ্ড লৈ থিয় হৈ থকা দেখিবলৈ পোৱা গ’ল।

মন্টু দত্তই লৈ থকা প্লে’কাৰ্ডখনত জয় আই অসম লিখাৰ লগতে লিখা আছিল ’’অসম যিহেতু ভাৰতৰ অংগৰাজ্য নহয় সেইবাবে অসমৰ স্বাধীনতা দিয়ক’’।

উজনি অসমত সৰৱ প্ৰতিবাদৰ বাবে পৰিচিত মন্টু দত্তক মঙলবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰায় দুঘন্টা থিয় হৈ থকা দেখা গৈছিল।

তেওঁ যদিও অসমৰ ‘স্বাধীনতা’ৰ দাবী তুলিছিল, আৰক্ষী বা জিলা প্ৰশাসনে ব্যক্তিগৰাকীৰ প্ৰতিবাদৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল।

যোৰহাটৰ ৰাজাবাৰী অঞ্চলৰ বাসিন্দা দত্তই কোনো ৰাজনৈতিক দল বা সংগঠনক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে ব্যক্তিগত উদ্যোগতহে প্ৰতিবাদ সাৱ্যস্ত কৰিছিল বুলি কয়।

যদিও আৰক্ষী বা জিলা প্ৰশাসনে মঙলবাৰে ব্যক্তিগৰাকীৰ প্ৰতিবাদৰ প্ৰতি গুৰুত্ব নিদিয়াটোৱে সঠিক বুলি ভাৱিলে, দৰাচলতে তেওঁৰ দাবীটো কিন্তু উৰুৱাই দিয়া ঘটনা নাছিল।

দত্তৰ অসমৰ ‘স্বাধীনতা’ৰ দাবী নিশ্চিতভাৱে এখন ‘সাৰ্বভৌম’ অসমৰ বাবে বিচ্ছিন্নতাবাদী আলফাৰ চাৰি দশক পুৰণি সংগ্ৰামৰ সৈতে সমাৰ্থক।

KMSS-1-e1606881752556
২০১৯ৰ ১১জানুৱাৰিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত নগ্ন হৈ প্ৰতিবাদ কৰাৰ সময়ত মন্টু দত্ত।

অসমৰ ‘স্বাধীনতা’ৰ বাবে দাবী উত্থাপন সম্পৰ্কত এগৰাকী আৰক্ষীক সোধাত কয় যে যোৰহাটত মন্টু দত্তক কোনেও গুৰুত্ব দি নলয় যাৰ বাবে কোনো ব্যৱস্থা লোৱা হোৱা নাই।

দত্তই কোনো সমস্যা গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিলেই প্ৰায়ে হাতত এখন প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাৱ্যস্ত কৰে।

যোৱা বছৰ ১১জানুৱাৰিত মন্টু দত্তই নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ৰ বিৰুদ্ধে যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত নগ্ন হৈ প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।

তেওঁ লগতে চিন্তাবিদ হীৰেন গোঁহাইৰ বিৰুদ্ধে ‘দেশদ্ৰোহৰ অভিযোগ’ প্ৰত্যাহাৰৰ দাবীও কৰিছিল।

উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সেইসময়ত কৰা নগ্ন প্ৰতিবাদে ৰাইজক অস্বস্তিত পেলোৱাৰ সময়তে আৰক্ষীয়ে তেওঁ কৰায়ত্ত কৰি বলপূৰ্বক কাপোৰ পিন্ধাই দিছিল।

Recent News

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd