IPL 2024: নাৰিনৰ শতকেৰে বিশাল স্কোৰ কৰিও RRৰ হাতত পৰাজিত KKR; বাটলাৰৰ অবিশ্বাস্য ইনিংছ

ফটো সৌজন্যঃ ৰাজস্থান ৰয়েলছ।

মাত্ৰ কেই অভাৰৰ আগতে কলকাতা নাইট ৰাইডাৰ্ছে ঘৰুৱা খেলপথাৰত এই মেচখন পৰাস্ত হ’ব পাৰে বুলি ভবা নাছিল। কিন্তু জোছ বাটলাৰে অসম্ভৱক সম্ভৱ কৰি তুলিলে। ইংৰাজ বেটাৰগৰাকীৰ অবিশ্বাস্য ইনিংছত পৰাস্ত হয় কলকাতা। সুনীল নাৰিনৰ শতকৰ উত্তৰ তেওঁ আন এক বিস্ফোৰক শতকৰে দিলে।

নাৰিনৰ অনবদ্য ইনিংছৰ প্ৰত্যুত্তৰত জোছ বাটলাৰে ৬০টা বলত ১০৭ ৰানৰ দুৰ্দান্ত ইনিংছটো খেলে। এই ২ উইকেটত পৰাজিত হৈ কলকাতাই লীগ টেবুলৰ শীৰ্ষস্থানলৈ যোৱাৰ সুযোগ হেৰুৱাবলগীয়া হয়।

ৰাজস্থান ৰয়েলছে টছত জয়লাভ কৰি কেকেআৰক প্ৰথমে বেটিং কৰিবলৈ প্ৰেৰণ কৰে। ফিল ছল্টে বেছি ৰান সংগ্ৰহ কৰিব নোৱাৰিলে। মাত্ৰ ১০ ৰানেৰে উভতি যাবলগীয়া হয় ছল্ট। ইয়াৰ পিছত ইডেনত কেৱল নাৰিনৰ ধুমুহা।

জোছ বাটলাৰৰ অবিশ্বাস্য ইনিংছ। ফটো সৌজন্যঃ আইপিএল।

নাৰিনে ৰাজস্থান ৰয়েলছৰ বলাৰসকলক নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল। খেলপথাৰৰ চাৰিওফালে শ্বটবোৰ উৰি গৈছিল। মাত্ৰ ৪৯টা বলতে চেঞ্চুৰী। মুঠতে তেওঁৰ ১০৯ ৰানৰ ইনিংছত আছিল ১৩টা বাউণ্ডেৰী, ৬টা ছয়। তেওঁৰ বিস্ফোৰক ইনিংছ আৰু ৰঘুবংশী (১৮ বল ৩০), ৰিংকুৰ (৯ বল ২০)ৰ অৱদানৰ বাবে কেকেআৰে নিৰ্ধাৰিত ২০ অভাৰত ২২৩ ৰান সংগ্ৰহ কৰে।

ৰাজস্থানৰ বাবে লক্ষ্য ২০ অভাৰত ২২৪ ৰান। ইডেনৰ বেটিং পিটচ আৰু সৰু বাউণ্ডেৰীত বৰ্তমানৰ টী-২০ ক্ৰিকেটত এই ৰান একেবাৰেই নিৰাপদ নহয়। সেয়ে, কলকাতাই ভাল বলিং কৰিবলগীয়া হৈছিল। ৰাজস্থানেও জানিছিল যে জয়ী হ’বলৈ হ’লে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক খেলি থাকিব লাগিব। তেওঁলোকে সেইটোৱেই কৰিলে।

সুনীল নাৰিনে খেলিলে দুৰ্দান্ত ইনিংছ। ফটো সৌজন্যঃ আইপিএল।

যশস্বী জয়ছোৱাল, জোছ বাটলাৰে বিস্ফোৰক আৰম্ভণি কৰে। জয়ছৱাল (১৯), চেমছন (১২) আগতীয়াকৈ হৈছিল যদিও বাটলাৰ, ৰিয়ান পৰাগহঁতে ৰান ৰেট লেহেমীয়া হ’বলৈ নিদিলে। পৰাগে ১৪টা বলত ৩৪ ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলিলে। মাজতে কে কে আৰৰ দুই স্পিনাৰে ক্ষিপ্ৰতাৰে ৩টা উইকেট দখল কৰি ৰাজস্থানৰ ওপৰত চাপ বৃদ্ধি কৰে।

কিন্তু তাৰ পিছতেই আৰম্ভ হ’ল বাটলাৰৰ অবিশ্বাস্য প্ৰদৰ্শন। ইনিংছৰ শেষৰ চাৰিটা অভাৰত জোছ বাটলাৰে কাৰ্যতঃ এককভাৱে মেচখন কলকাতাৰ হাতৰ পৰা উলিয়াই আনে। এটা সময়ত তেওঁ কোনোমতে ১৩০ ৰানৰ ষ্ট্ৰাইক ৰেটত বেটিং কৰি আছিল। শেষত তেওঁ ধুমুহা তুলি দিলে।

কম বলতে ভাল ইনিংছ খেলে ৰিয়ান পৰাগে। ফটো সৌজন্যঃ আইপিএল।

ৰাজস্থানে ১৪ৰ পৰা ১৯ অভাৰত ৮৭ ৰান সংগ্ৰহ কৰে। শেষৰ অভাৰত মাত্ৰ ৯ ৰানৰ প্ৰয়োজন হৈছিল। বাটলাৰে সেয়া আজুৰি আনিবলৈ বিশেষ কষ্ট কৰিবলগীয়া হোৱা নাছিল। আই পি এলৰ ইতিহাসত এইটোৱেই হৈছে সৰ্বাধিক ৰান চেজ। চলিত আই পি এলত বাটলাৰৰ এয়া দ্বিতীয়টো শতক। এই জয়েৰে ৰাজস্থানে নিজৰ শীৰ্ষ স্থান আৰু দৃঢ় কৰিলে।

ভাল প্ৰদৰ্শন কৰিও পৰাজিত কলকাতা নাইট ৰাইডাৰ্ছ।ফটো সৌজন্যঃ আইপিএল।

সংক্ষিপ্ত স্কোৰঃ

কেকেআৰঃ ২২৩-৬ (নাৰিন ১০৯, ৰঘুবংশী ৩০)

ৰাজস্থানঃ ২২৪-৮ (জোছ বাটলাৰ ১০৭, পৰাগ ৩৪)

২ উইকেটত জয়লাভ কৰে ৰাজস্থান ৰয়েলছে।