• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যোশীমঠলৈ অশনি সংকেত! মাত্ৰ ১২ দিনতে তললৈ সোমাই পৰিল ৫.৪ ছেণ্টিমিটাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2023 12:42 pm
Joshimath
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক ভয়াৱহ ভৱিষ্যতৰ দিশে গতি কৰিছে যোশীমঠ চহৰ। অপৰিকল্পিত উন্নয়নৰ চমক তথা প্ৰাকৃতিক প্ৰলয়ৰ পৰিণতিত বিপৰ্যয়ৰ সন্মুখীন হোৱা যোশীমঠ যোৱা মাত্ৰ ১২ দিনতে ৫.৪ ছেণ্টিমিটাৰ তললৈ সোমাই পৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰ’ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য।

ইছৰ’ৰ নেশ্যনেল ৰিম’ট চেন্সিং চেণ্টাৰে প্ৰকাশ কৰা উপগ্ৰহৰ ছবিত দেখা গৈছে যে ২৭ ডিচেম্বৰৰ পৰা ৮ জানুৱাৰীৰ ভিতৰত চহৰখন ৫.৪ ছেণ্টিমিটাৰ তললৈ সোমাই পৰিছে। এই পৰিস্থিতি অধিক ৰূপত দেখা দিছে মধ্য যোশীমঠত। এই অঞ্চলৰ আশে-পাশে সেনাবাহিনীৰ এক হেলিপেড আৰু এটা মন্দিৰৰ অৱস্থিতি আছে।

Apply Now

মহাকাশ সংস্থাটোৰ প্ৰতিবেদন অনুসৰি বিগত কেইটামান মাহত যোশীমঠত এনেদৰে মাটি তললৈ সোমাই যোৱাৰ হাৰ বহু কম বুলি ধৰা পেলাইছে। যোৱা বছৰৰ এপ্ৰিলৰ পৰা নৱেম্বৰৰ ভিতৰত ইয়াৰ পৰিমাণ আছিল ৯ ছেণ্টিমিটাৰ। কিন্তু যোৱা ১২ দিনত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে এই পৰিঘটনা।

dtn5797g
এই ছবিসমূহ কাৰ্ট’ছেট-২এছ উপগ্ৰহৰ পৰা লোৱা হৈছে

বদ্ৰীনাথৰ দৰে জনপ্ৰিয় তীৰ্থস্থানৰ প্ৰৱেশদ্বাৰ হিচাপে পৰিচিত এই চহৰখন সম্প্ৰতি চিৰাল ফাটৰ কবলত পৰি দুৰ্যোগৰ পথত। এই অভাৱনীয় বিপৰ্যয়ৰ ফলশ্ৰুতিত উপগ্ৰহৰ সমীক্ষাৰ অন্তত প্ৰায় ৪ হাজাৰ লোকক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। হোটেল আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ উপৰিও ৬৭৮টা ঘৰ বিপদত পৰিছে বুলি উত্তৰাখণ্ড চৰকাৰে প্ৰকাশ কৰিছে।

চহৰখনৰ স্থানীয় বাসিন্দা আৰু বিশেষজ্ঞসকলে এই সংকটৰ বাবে অঞ্চলটোৰ অপৰিকল্পিত আৰু বিশৃংখল আন্তঃগাঁথনি প্ৰকল্পৰ বাবে স্পষ্টকৈ দোষাৰোপ কৰিছে। বৃহস্পতিবাৰে যোশীমঠ ভ্ৰমণ কৰি স্থানীয় লোক আৰু বিশেষজ্ঞৰ সৈতে বৈঠকত মিলিত হৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণ দিয়া হ’ব বুলি ঘোষণা কৰিছে।

ইফালে যোশীমঠৰ পিছতে এনে অনুৰূপ পৰিস্থিতিয়ে দেখা দিছে উত্তৰাখণ্ডৰ আন এখন চহৰ তেহৰী গড়ৱালতো। ভূমিস্খলনৰ ভয়াৱহতাৰ আশংকাত চহৰখনৰ স্থানীয় লোকসকলে চৰকাৰক বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তৎকালীনভাৱে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd