• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সভালৈ মাতি সাংবাদিকক অপমান বিজেপিৰ; সভাগৃহৰ পৰা উলিয়াই দিলে সাংবাদিকক

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 9, 2019 1:12 pm

2 min read

সভালৈ মাতি সাংবাদিকক অপমান বিজেপিৰ; সভাগৃহৰ পৰা উলিয়াই দিলে সাংবাদিকক
11.6k
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ ৰাজহুৱা সভাত নিষিদ্ধ সংবাদ মাধ্যম। সভালৈ মাতি অপমান সাংবাদিকক। বন্তি প্ৰজ্বলন, মাতৃ বন্দনা, আৰু সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে সভা গৃহৰ পৰা উলিয়াই দিয়া হয় সাংবাদিক সকলক।

আজি মণ্ডল আৰু জিলা বিজেপি সভাপতিৰ সন্মিলন আছিল শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত। এই অনুষ্ঠানৰ উদ্বোধনৰ দায়িত্বত আছিল মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

এই উদ্দেশ্যে টেলিভিছন, ছপা মাধ্যম আৰু ৱেবৰ সকলো মাধ্যমৰে সাংবাদিকক এই অনুষ্ঠানৰ বাতৰি সংগ্ৰহৰ বাবে আহ্বান জনাইছিল।

কিন্তু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু মন্ত্ৰী নৱ দলেক সম্বৰ্ধনা জনোৱাৰ পাছতে সাংবাদিক সকলক সভা গৃহ ত্যাগ কৰিবলৈ কোৱা হয়।

সভাৰ অন্তত সাংবাদিক সকলক সন্মিলনৰ বিষয়ে জনোৱা হ’ব বুলি ঘোষণা কৰে ঘোষকৰ দায়িত্বত থকা মুখপাত্ৰ পুলক বৰগোহাঁইয়ে।

এনেদৰে সভালৈ মাতি অপমান কৰাত সভাত উপস্থিত সাংবাদিকসকল ক্ষোভিত হৈ পৰে।

“এনেকুৱা হ’লে আমাক নিমন্ত্ৰণ দিব নালাগিছিল। নিমন্ত্ৰণ দিয়াৰ বাবে আহিছিলো।” ক্ষোভিত এজন সাংবাদিকৰ মন্তব্য।

আন এজন সাংবাদিকে কয় “সভাৰ পিছত যদি সংবাদ মাধ্যমক সম্বোধন কৰে তেন্তে আমাক জনাব লাগিছিল। আমাৰ অন্য কাম থাকেটো।”

উল্লেখযোগ্য যে পূৰ্বেও এনেদৰে মণ্ডল আৰু জিলা সভাপতিৰ সন্মিলন অনুষ্ঠিত হৈছিল, য’ত সংবাদমাধ্যমক বাতৰি সংগ্ৰহৰ বাবে দিয়া হৈছিল।

কিন্তু বৰ্তমান পৰিস্থিতিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ বা ক্ষোভৰ জুই সংবাদ মাধ্যমত প্ৰচাৰ হোৱাত শংকিত হৈ পৰিছে শাসনাধিস্থ বিজেপি।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd