এইমছৰ চতুৰ্থ মহলাৰ পৰা জঁপিয়াই মৃত্যু কোভিড-১৯ত আক্ৰান্ত সাংবাদিকৰ

AIIMSBUILDINGDELHI-750

দিল্লীত পুনৰ অঘটন।কোভিড-১৯ত আক্ৰান্ত এগৰাকী চিকিৎসকে সোমবাৰে চিকিৎসাধীন অৱস্থাতে এইমছৰ চতুৰ্থ মহলাৰ পৰা জঁপিওৱাৰ ঘটনাই সমগ্ৰ ৰাজধানী চহৰখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কোভিডত আক্ৰান্ত হৈ কিছুদিন ধৰি এইমছত চিকিৎসাধীন হৈ থকা ৩৭ বছৰীয়া   তৰুণ ছিচ’ডিয়া নামৰ সাংবাদিকজনে সোমবাৰে দিনৰ প্ৰায় ২ বজাত চিকিৎসালয় খনৰ চতুৰ্থ মহলাৰ বাথৰুমৰ খিৰিকীৰ গ্ৰীল খুলি তললৈ জঁপিয়াই দিয়ে।

এই দৃশ্য প্ৰত্যক্ষ কৰি চিকিৎসালয় খনৰ তলত ৰৈ থকা লোক সকলে গুৰুতৰ ভাবে আহত অৱস্থাত সাংবাদিক গৰাকীক উদ্ধাৰ কৰে আৰু ততাতৈয়াকৈ এইমছৰ আই চি ইউত ভৰ্তি কৰোৱায়।

দক্ষিণ দিল্লীৰ ডি চি পি দেবেন্দৰ আৰ্যই প্ৰকাশ কৰা অনুসৰি সাংবাদিক জনৰ শৰীৰৰ কেইবাডালো হাড় ভাঙিছিল।

সাংবাদিক গৰাকীৰ অৱশেষত মৃত্যু ঘটা  বুলি তেওঁ প্ৰকাশ কৰে।

এইমছ চিকিৎসালয় সূত্ৰই প্ৰকাশ কৰা মতে কিছুদিন ধৰি কোভিড-১৯ত আক্ৰান্ত সাংবাদিক গৰাকীয়ে মানসিক অবসাদত ভুগি আছিল।

কোভিড-১৯ত আক্ৰান্ত হ’লে মৃত্যু নিশ্চিত বুলি তেওঁ ধৰি লৈছিল।

সেইবাবেই ভীতিগ্ৰস্ত হৈ তেওঁ চতুৰ্থ মহলাৰ পৰা জঁপিয়াই দিয়ে। উল্লেখ্য দিল্লীত শতাধিক সাংবাদিক কোভিড-১৯ত আক্ৰান্ত হৈছে।

দৈনিক ভাস্কৰ কাকতত কাম কৰা সাংবাদিক তৰুণ ছিচ’ডিয়াৰ কৰণাতংকই সৃষ্টি কৰা মণ্ডাৱস্থাৰ বাবে চাকৰি গৈছিল।

মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু আঢ়ৈ বছৰীয়া কন্যা সন্তানক এৰি থৈ গৈছে।