সাংবাদিকক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে বৰপেটা আৰু হাউলীত সাংবাদিকৰ প্ৰতিবাদ

index

ৰাজ্যত সাংবাদিকক আক্ৰমণৰ বিৰুদ্ধে বৃহস্পতিবাৰে বৰপেটাত সাংবাদিকৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

ৰাজ্যত শেহতীয়াকৈ কেইবা গৰাকী সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত আজি বৰপেটা চহৰৰ লগতে হাউলীতো সাংবাদিকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বৰপেটা প্ৰেছ ক্লাৱত সাংবাদিকসকলে দিনৰ প্ৰায় ১১ বজাত ক’লা পতাকা উৰুওৱাৰ লগতে মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তোলে।

সাংবাদিকক আক্ৰমণ কৰা দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত বৰপেটা প্ৰেছ ক্লাৱে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

ইপিনে সাংবাদিকক আক্ৰমণ ঘটনাৰ প্ৰতিবাদত বৰপেটা জিলাৰ হাউলীতো বৰপেটা জিলা সাংবাদিক সন্থাৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ধৰ্মঘট কাৰ্যসূচীৰ অন্তত বৰপেটা জিলা সাংবাদিক সন্থাই এখন  স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

সাংবাদিকৰ ওপৰত ধাৰাবাহিক আক্ৰমণ গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি বুলি উল্লেখ কৰি এচাম দুস্কৃতিকাৰীয়ে বাক স্বাধীনতা খৰ্ব কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি স্মাৰক পত্ৰত উল্লেখ কৰে।