• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2026 2:57 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদানী এণ্টাৰপ্ৰাইজৰ দ্বাৰা তৰা এক অপৰাধমূলক মানহানিৰ গোচৰত সাংবাদিক ৰবি নায়াৰক কাৰাৰুদ্ধ কৰি ৰখা কাৰ্যক লৈ দেশ-বিদেশৰ বিভিন্ন সংবাদ সংস্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ডিজি পাব নিউজ ইণ্ডিয়া ফাউণ্ডেচন নামৰ স্বাধীন ডিজিটেল সংবাদ মাধ্যম আৰু সাংবাদিকসকলৰ সংগঠনে নায়াৰৰ কাৰাবাসক অতিশয় উদ্বেগজনক বুলি অভিহিত কৰিছে। এক্স অৰ্থাৎ পূৰ্বৰ টুইটাৰত কৰা ধাৰাবাহিক কিছু পোষ্টৰ বাবে নায়াৰৰ বিৰুদ্ধে এই গোচৰ চলাই থকা হৈছে। সংগঠনে উল্লেখ কৰা মতে, এই ঘটনাই শক্তিশালী কৰ্পোৰেট সংস্থাবোৰৰ বিৰুদ্ধে প্ৰশ্ন উকিওৱা স্বাধীন সাংবাদিকসকললৈ এক ভয়ংকৰ বাৰ্তা প্ৰেৰণ কৰিছে।

 

Apply Now

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গান্ধীনগৰৰ এক দণ্ডাধীশ আদালতে নায়াৰক এক বছৰৰ কাৰাদণ্ড বিহিছিল। কিন্তু আবেদন বিচৰাধীন হৈ থকা অৱস্থাত তেওঁৰ শাস্তি স্থগিত ৰখা হৈছিল আৰু তেওঁ জামিন লাভ কৰিছিল। অৱশ্যে শুনানিৰ সময়ত ব্যক্তিগতভাৱে উপস্থিত নথকাৰ বাবে চলিত মাহৰ আৰম্ভণিতে আদালতে তেওঁৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰে। ইয়াৰ পাছতে যোৱা ১৭ ছেপ্টেম্বৰত নায়াৰক জিম্মাত লৈ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। নায়াৰে এই গ্ৰেপ্তাৰী পৰৱানাক প্ৰত্যাহ্বান জনাই মুক্তিৰ বাবে কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি বুধবাৰে গুজৰাট উচ্চ আদালতে তেওঁক তাৎক্ষণিকভাৱে ৰায় নিদিয়াৰ সিদ্ধান্ত লয় আৰু শুনানি সংৰক্ষিত ৰাখে।

 

এই সমগ্ৰ বিষয়টো ২০২০ চনৰ অক্টোবৰৰ পৰা ২০২১ চনৰ জুলাই মাহৰ ভিতৰত নায়াৰে সামাজিক মাধ্যমত কৰা কিছু পোষ্টৰ সৈতে জৰিত। য’ত আদানী গ্ৰুপ, আমেৰিকাৰ হিল্ডেনবাৰ্গ ৰিচাৰ্চৰ অভিযোগ আৰু জৱাহৰলাল নেহৰু পোৰ্ট ট্ৰাষ্টৰ প্ৰস্তাৱিত ব্যক্তিগতকৰণৰ বিৰুদ্ধে চলা ধৰ্মঘট সংক্ৰান্তীয় বিষয় অন্তৰ্ভুক্ত আছিল। আদালতত দণ্ডাধীশে কৈছিল যে এজন সাংবাদিক তথা ৰাজহুৱা মন্তৱ্যকাৰী হিচাপে নায়াৰে ডিজিটেল মঞ্চত কৰা মন্তৱ্যই কাৰোবাৰ সুনামৰ ওপৰত পেলাব পৰা প্ৰভাৱৰ বিষয়ে সচেতন হোৱা উচিত আছিল। পৰৱৰ্তী সময়ত গান্ধীনগৰৰ আপীল আদালতে ৯ মাৰ্চত তেওঁক জামিন দি শুনানিত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল, কিন্তু ৩ ছেপ্টেম্বৰৰ শুনানিত তেওঁ অনুপস্থিত থকাৰ বাবে জামিনহীন পৰৱানা জাৰি কৰা হয়।

 

ডিজি পাব ফাউণ্ডেচনে প্ৰশ্ন উত্থাপন কৰিছে যে মূল আবেদনৰ চূড়ান্ত ৰায় অহাৰ পূৰ্বেই কিয় এজন সাংবাদিকক কাৰাগাৰত ৰখা হৈছে। সংস্থাটোৱে কয় যে যিটো বৃহৎ ব্যৱসায়িক গোষ্ঠীয়ে এজন সাংবাদিকৰ বিৰুদ্ধে মানহানিৰ গোচৰ চলাইছে, তেওঁলোকেই শেষত এখন ডাঙৰ সংবাদ সংস্থা নিয়ন্ত্ৰণ কৰে য’ত আন সাংবাদিকসকলেও একেই বৃত্তিত কাম কৰে। ক্ষমতাশালী প্ৰতিষ্ঠানসমূহক প্ৰশ্ন সোধাৰ বাবে কাৰাদণ্ড ভুগিবলগীয়া হ’লে সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষা পৰা কঠিন হৈ পৰিব বুলি তেওঁলোকে মত প্ৰকাশ কৰে।

 

এই সমগ্ৰ ঘটনাক লৈ আন্তৰ্জাতিক পৰ্যায়তো প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। নিউয়ৰ্ক ভিত্তিক বিশ্বব্যাপী সংবাদ সংৰক্ষণ সংস্থান committee to protect journalists অৰ্থাৎ চিপিজে-য়ে এই ঘটনাটোক নিৰন্তৰ নিৰীক্ষণ কৰি থকা বুলি জানিবলৈ দিয়ে। তেওঁলোকে কয় যে কেৱল নিজৰ দায়িত্ব পালন কৰাৰ বাবে কোনো সাংবাদিকক কাৰাৰুদ্ধ বা হাৰাশাস্তি কৰিব নালাগে। একেদৰে মঙ্গলবাৰে এমনিক্ৰেষ্টি ইণ্টাৰনেচনেলেও এই গ্ৰেপ্তাৰক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি এই ঘটনাই দেশখনত বাক স্বাধীনতা আৰু ন্যায়সংগত বিচাৰৰ অধিকাৰৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে বুলি স্পষ্ট কৰি দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd