NORTHEAST NOW (Assamese)

পঞ্চ চহিদৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্ত বিচাৰি মুখ্য মন্ত্ৰীলৈ পত্ৰ শিৱসাগৰৰ সাংবাদিকৰ

January 18, 2020 5:14 pm · পাৰ্শ্বজ্যোতি গগৈ

‘কা’ বিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰি পুলিচ আৰু নিৰাপত্তাৰক্ষীৰ হাতত মৃত্যুক আঁকোৱালি লোৱা পঞ্চ চহিদ ক্ৰমে দীপাঞ্জল দাস, চেম ষ্টেফৰ্ড, আব্দুল  আলিম, ঈশ্বৰ নায়ক আৰু দীজেন্দ্ৰ পাংগিঙৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ন্যায়িক তদন্ত বিছাৰি আজি শিৱসাগৰৰ উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে সাংবাদিক যদুমণি বড়াই।

সাংবাদিক গৰাকীয়ে মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা এই পত্ৰখনত এই পাঁচগৰাকী যুৱকক পুলিচ-নিৰাপত্তাৰক্ষীয়ে হত্যা কৰাৰ কাৰ্যৰ সন্দৰ্ভত আজিকোপতি চৰকাৰে কোনো ন্যায়িক তদন্তৰ ঘোষণা নকৰাটো উদ্বেগৰ বিষয় বুলি উল্লেখ কৰিছে।

পত্ৰখনৰ জৰিয়তে সাংবাদিক যদুমণি বড়াই ২০ দিনৰ ভিতৰত অসমৰ মুখ্য মন্ত্ৰী গৰাকীক এই হত্যাকাণ্ডৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা এক ন্যায়িক তদন্ত ঘোষণা কৰিবৰ বাবে আহ্বান কৰিছে।

উল্লেখযোগ্য যে ২ জানুৱাৰীত সাংবাদিক গৰাকীয়ে পঞ্চ চহিদৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্ত বিচাৰি শিৱসাগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এককভাৱে অনশনত বহিছিল। অনশনস্থলীত সাংবাদিক গৰাকীয়ে চৰকাৰী পুলিচ আৰু নিৰাপত্তাৰক্ষী বাহিনীক জালিয়ানাবালাবাগৰ হত্যাকাণ্ড সংঘটিত কৰা বৃত্ৰিছ পুলিচ বিষয়া জেনেৰেল ডায়াৰ বাহিনীৰ লগত তুলনা কৰিছিল।

Related News