• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জীৱন যুঁজত হাৰ মানিলে বিশ্বৰ ক্ষুদ্ৰতম পুৰুষজনে; ২৭ বছৰ বয়সত মৃত্যু খগেন্দ্ৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 18, 2020 5:35 pm

1 min read

WORLDS-SHORTEST-MAN-COLLAGE-1 copy_tcm25-606517

বিশ্বৰ ক্ষুদ্ৰতম ব্যক্তি খগেন্দ্ৰ থাপা মগৰ।

16.5k
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ ক্ষুদ্ৰতম পুৰুষ খগেন্দ্ৰ থাপা মগৰ আৰু নাই। কিছুদিন ধৰি নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ নেপালৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ থকা খগেন্দ্ৰৰ শুকুৰবাৰে দেহাৱসান ঘটে।

মৃত্যুৰ সময়ত খগেন্দ্ৰ থাপা মগৰৰ বয়স আছিল ২৭ বছৰ। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰা বিশ্বৰ ক্ষুদ্ৰতম ব্যক্তিজনৰ মৃত্যুত তেওঁৰ গুণমুগ্ধসকল শোকাভিভুত হৈ পৰিছে।

নেপালৰ পোখৰাৰ নাগৰিক খগেন্দ্ৰ থাপা মগৰৰ উচ্চতা আছিল ৬৭.০৮ ছেন্টিমিটাৰ বা ২ ফুট ২.৪১ ইঞ্চি।

খগেন্দ্ৰৰ পিতৃ-মাতৃৰ বাদে নিজৰ বুলিবলৈ আন কোনো নাছিল। নিজৰ ১৮ বছৰীয়া জন্মদিন উদযাপনৰ পাছতেই ২০১০ চনত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হৈছিল তেওঁৰ।

বিশ্বৰ ক্ষুদ্ৰতম পুৰুষ হিচাপে খগেন্দ্ৰই কেইবাখনো দেশ ভ্ৰমণ কৰিছিল। নেপাল পৰ্যটনৰো পৰিচিত মুখ আছিল থাপা।

য়ুৰোপ আৰু আমেৰিকাৰ কেইবাটাও চেনেলত সাক্ষাৎকাৰ প্ৰকাশ পাইছিল খগেন্দ্ৰ। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ভিডিঅ’ত খগেন্দ্ৰই তেওঁৰ ভাতৃৰ সৈতে গীটাৰ বজোৱা, বাইকত উঠোৱা আদি দেখা গৈছিল।

অতি কম বয়সতে ইহলীলা সম্বৰণ কৰিলে বিশ্বৰ এই ক্ষুদ্ৰতম ব্যক্তিগৰাকীয়ে। সংবাদ প্ৰতিষ্ঠানক তেওঁৰ ভাতৃ মহেশ থাপা মগৰে দিয়া সাক্ষাৎকাৰত কৈছে যে খগেন্দ্ৰ বেছিভাগ সময়েই নিউমোনিয়াত ভগিছিল যাৰ বাবে বাৰে বাৰে তেওঁক হাস্পাতলত ভৰ্তি কৰিবলগীয়া হৈছিল।

এইবাৰ চিকিৎসকে জানিব দিয়া মতে খগেন্দ্ৰৰ হৃদযন্ত্ৰ কাম নকৰা হৈছিল আৰু ফলত তেওঁৰ মৃত্যু হয়।

Recent News

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd