NORTHEAST NOW (Assamese)

কিছু সময় পিছতেই আমিনগাঁৱত অসম বিজেপিৰ শীৰ্ষ নেতৃত্বৰে বৈঠকত মিলিত হ’ব জেপি নাড্ডা

January 11, 2021 9:18 pm · এন ই নাও নিউজ

বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাথি দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে আজি অসমত উপস্থিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডা।

ভ্ৰমণৰ প্ৰথম কাৰ্যসূচী হিচাপে সোমবাৰে দুপৰীয়া ভাগত শিলচৰত উপস্থিত হৈ নাড্ডাই বিজেপিৰ এখন জনসভাত অংশ লৈছিল।

এই সভাৰ পিছত এতিয়া অধ্যক্ষ গৰাকীয়ে আমিনগাঁৱৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাত উপস্থিত হৈছে।

নাড্ডাৰ সৈতে একলগে উপস্থিত হৈছেহি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু দলৰ অন্যান্য কেইবাগৰাকীও নেতা।

জানিব পৰা মতে, জেপি নাড্ডাই আমিনগাঁৱৰ পৰিদৰ্শন বঙলাত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব।

ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটী, নিৰ্বাচন সমিতি আৰু আন আন নেতাৰ সৈতে তিনিখনকৈ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব ৰাষ্ট্ৰীয় সভাপতি গৰাকী।

ইতিমধ্যে বিজেপিৰ প্ৰায়বোৰ শীৰ্ষ নেতাই আমিনগাঁৱৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাত উপস্থিত হৈছে।

Related News