• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পদচ্যুত হ’ব ৩০ দিন কাৰাবাসী নেতা: নতুন বিধেয়ক পৰীক্ষণৰ বাবে জেপিচি গঠন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 13, 2025 10:36 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদৰ আগন্তুক শীতকালীন অধিৱেশনৰ পূৰ্বে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বুধবাৰে ৩১ জনীয়া যুটীয়া সংসদীয় সমিতিৰ (জেপিচি) অনুমোদন জনাইছে। এই সমিতিৰ নেতৃত্ব বহন কৰিব ভুবনেশ্বৰৰ বিজেপি সাংসদ অপৰাজিতা সাৰংগীয়ে।

এই গুৰুত্বপূৰ্ণ জেপিচিখন ২০ আগষ্টত উত্থাপন কৰা তিনিখন নতুন বিধেয়ক পৰীক্ষা কৰিবলৈ গঠন কৰা হৈছে, যাৰ ভিতৰত এখন সংবিধান সংশোধনী বিধেয়কো আছে। এই বিধেয়কসমূহে এক বিতৰ্কিত প্ৰস্তাৱ আগবঢ়াইছে। পাঁচ বছৰৰো অধিক কাৰাদণ্ডৰ যোগ্য গুৰুতৰ অপৰাধত গ্ৰেপ্তাৰ হৈ একেৰাহে ৩০ দিন কাৰাবাসী হ‘লে, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকল তেওঁলোকৰ পদৰ পৰা অপসাৰিত হ‘ব। বুধবাৰে লোকসভা সচিবালয়ে অপৰাজিতা সাৰংগীক জেপিচিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ আনুষ্ঠানিক বিজ্ঞপ্তি জাৰি কৰে।

Apply Now

এই বিধেয়কসমূহক লৈ দেশৰ ৰাজনীতিত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ দৰে মুখ্য বিৰোধী দলসমূহে এই বিধেয়কক বিৰোধী শাসিত ৰাজ্যক অস্থিৰ কৰাৰ ‘ৰাজনৈতিক ষড়যন্ত্ৰ’ বুলি অভিহিত কৰি জেপিচি বৰ্জনৰ সিদ্ধান্ত লৈছে।

তৃণমূল কংগ্ৰেছে সৰ্বপ্ৰথমে জেপিচি বৰ্জনৰ কথা ঘোষণা কৰি লোকসভাত ১৩০ নং সংবিধান সংশোধনী বিধেয়কৰো বিৰোধিতা কৰিছিল। সমাজবাদী পাৰ্টিয়েও জেপিচিত যোগ নিদিয়ে বুলি স্পষ্ট কৰি দিছে।

বৰ্তমান জেপিচিত মুঠ ৩১ জন সদস্য আছে। লোকসভাৰ ২১ জন আৰু ৰাজ্যসভাৰ ১০ জন। বিৰোধীয়ে বৰ্জন কৰাৰ ফলত, শাসকীয় এনডিএৰ সংখ্যাগৰিষ্ঠতাৰ মাজত এই সমিতিয়ে কাম কৰিব। বৰ্তমানলৈকে বিৰোধীৰ পৰা কেৱল এমআইএম (অৱৈসী) আৰু ৱাইএছআৰ কংগ্ৰেছে এই জেপিচিত যোগদান কৰিছে।

বিৰোধী নেতাসকলে দাবী কৰিছে যে, এই বিধেয়কৰ জৰিয়তে বিৰোধী মুখ্যমন্ত্ৰীসকলক গ্ৰেপ্তাৰ কৰি ক্ষমতাৰ পৰা অপসাৰিত কৰাৰ চেষ্টা চলিব। তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যে, বিজেপিয়ে নিজৰ প্ৰতিদ্বন্দ্বীসকলৰ বিৰুদ্ধে চিবিআই আৰু ইডিৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহক অপব্যৱহাৰ কৰিব পাৰে।

বিৰোধীয়ে এইবুলিও মন্তব্য কৰে যে, “কোনো সংস্থাই প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ নকৰে,” যাৰ দ্বাৰা তেওঁলোকে বুজাব বিচাৰিছে যে এই বিধেয়ক কেৱল বিৰোধী নেতাসকলক লক্ষ্য কৰি লোৱা হৈছে।

এছ‘চিয়েচন ফৰ ডেম‘ক্ৰেটিক ৰিফৰ্মছ (ADR) ৰ প্ৰতিবেদন অনুসৰি, বৰ্তমান ৩০ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১২ জনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। সৰ্বাধিক গোচৰ থকা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত আছে কংগ্ৰেছৰ ৰেৱান্ত ৰেড্ডী (তেলেংগানা), এনডিএৰ মিত্ৰ চন্দ্ৰবাবু নাইডু (আন্ধ্ৰ প্ৰদেশ) আৰু ডিএমকেৰ এম কে ষ্টালিন (তামিলনাডু)।

বিৰোধী নেতাসকলৰ মতে, বিজেপিয়ে নিজৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে চিবিআই-ইডি ব্যৱহাৰ কৰি অহাৰ পিছত এতিয়া এই বিধেয়ক আনি এটা ‘স্বচ্ছ ভাবমূৰ্তি’ দেখুৱাবলৈ চেষ্টা কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd