শিৱসাগৰত জুবলী ফাউণ্ডেশ্যনৰ অংগদানৰ সম্পৰ্কত সজাগতা সভা

শিৱসাগৰ চহৰত দেওবাৰে জুবলী ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু ৰেচকিউৰ সহযোগত জনসাধাৰণক অংগদান সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ নগৰৰ মাজমজিয়াত এটি সমদল বাহিৰ কৰাৰ লগতে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত এখনি সভা অনুষ্ঠিত হয়।
উল্লেখযোগ্য যে অংগদানে যে অন্য এজন ব্যক্তিৰ জীৱন বচাব পাৰি সেই উদ্দেশ্য আগত ৰাখি জুবলী ফাউণ্ডেশ্যনে অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত সজাগতা শিবিৰ আৰু সজাগতা ৰেলী কৰি জনসাধাৰণক এই সম্পৰ্কে সচেতন কৰি আহিছে। আৰু এই উদ্দেশ্য আগত ৰাখিয়েই দেওবাৰে শিৱসাগৰত এই সভা আৰু ৰেলী অনুষ্ঠিত কৰা হয়।
এই সভাত প্ৰাক্তন প্ৰৱক্তা ড০ ৰত্নেশ্বৰ দেউৰী, বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্ত, শিৱসাগৰ কলেজৰ প্ৰৱক্তা সব্যসাচী মহন্ত, বিশিষ্ট চিকিৎসক প্ৰবুদ্ধ প্ৰসাদ চেতিয়া, শিৱসাগৰ উকীল সন্থাৰ যুটীয়া সম্পাদক বিদ্যুৎ গগৈকে ধৰি ব্যক্তি সকল উপস্থিত থাকে।
তাৰোপৰি এই সজাগতা সভা আৰু সজাগতা সমদলত বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, জুবলী ফাউণ্ডেশ্যন আৰু ৰেচকিউৰ কৰ্মকৰ্তা সকলে অংশ গ্ৰহণ কৰে।