আধা ঘন্টা পলমকৈ হাজিৰ হৈছিল আদালতত; ২ ঘণ্টাৰ বাবে ঘাঁহ কটাৰ শাস্তি দুই আৰক্ষীক!

প্ৰতিনিধিত্বমূলক ফটো।

পৌৰাণিক কাহিনীত এনেকুৱা শাস্তিৰ কথা থাকিব পাৰে। ৰজা বা চুলতানৰ ৰাজত্বকালত যদি ঘটিছিল সেয়া আচৰিত কথা নাছিল। কিন্তু ২০২৩ চনত মহাৰাষ্ট্ৰৰ এখন নিম্ন আদালতে এনে শাস্তি দিব পাৰে! মানি ল’বলৈ টান। অভিযুক্তক লৈ আদালতত উপস্থিত হোৱাত আধা ঘণ্টা পলম হৈছিল দুজন আৰক্ষী। ঘটনাত ক্ষুব্ধ হৈ দণ্ডাধীশে আৰক্ষী দুজনক দুঘণ্টাৰ বাবে ঘাঁহ কটাৰ ‘শাস্তি’ প্ৰদান কৰে।

মহাৰাষ্ট্ৰৰ পাৰবাণী জিলাৰ এই ঘটনাই প্ৰশাসনিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে। বৰ্তমানৰ এই ঘটনাটো যোৱা সপ্তাহত ঘটা বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ ‘তেতিয়া মই ঐশ্বৰ্যক ধৰ্ষণ কৰাৰ সুযোগ পালোহেঁতেন…’, অভিনেতাৰ বিতৰ্কিত মন্তব্য

মানৱত থানাৰ দুজন কনিষ্টবলে তাত থকা পূৰ্বৰ নিশা গ্ৰেপ্তাৰ কৰা এজন অভিযুক্তৰ সৈতে আদালতত হাজিৰ হয়। দিনৰ ১১ বজাত হাজিৰ হোৱাৰ কথা আছিল যদিও আধা ঘণ্টা পিছত প্ৰায় ১১:৩০ বজাত হাজিৰ হয় আৰক্ষী জোৱান দুজন। এই কথাই বিচাৰকক ক্ষুব্ধ কৰি তোলে। তেওঁ দুই আৰক্ষীক দুঘণ্টাৰ বাবে ঘাঁহ কাটিবলৈ নিৰ্দেশ দিয়ে।

আৰক্ষী জোৱানৰ প্ৰশ্ন, ন্যায়াধীশে কিয় এনে শাস্তি দিব? আৰক্ষী জোৱান দুজনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কৰ্তৃপক্ষক ক’ব পাৰিলেহেঁতেন। ইংৰাজৰ সময়তো ঘাঁহ কাটি আৰক্ষীক শাস্তি দিয়াৰ কথা শুনা যোৱা নাছিল।

লগতে পঢ়কঃ চাঞ্চল্য! শিক্ষকে দিয়া উঠা-বহা শাস্তিয়ে প্ৰাণ ল’লে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ

অৱশ্যে দণ্ডাধীশৰ এই নিৰ্দেশ এতিয়াও কাৰ্যকৰী হোৱা নাই। দুই আৰক্ষীয়ে এতিয়াও ঘাঁহ কটা নাই। এতিয়া তেওঁলোকে গোটেই ঘটনাটো ওপৰ মহলক জনাইছে। আনহাতে, আৰক্ষী সংগঠনসমূহে এই শাস্তি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।