NORTHEAST NOW (Assamese)

২৮ জানুৱাৰিত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণৰ ৰায়; ভুক্তভোগী বহুতকে আৱেগিক কৰি তুলিব পাৰে

January 23, 2019 11:49 am · এন ই নাও নিউজ
Updated: January 23, 2019 11:50 am
২০০৮ চনৰ ৩০ অক্টোবৰত গণেশগুৰিত সংঘটিত বিস্ফোৰণৰ দৃশ্য। ফটো : ইন্টাৰনেটৰ সৌজন্যত

দীৰ্ঘ সময়ৰ অপেক্ষাৰ অন্তত ন্যায় পাব পাৰে ২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমাবিস্ফোৰণৰ কেইবা শতাধিক ভুক্তভোগীয়ে। অহা ২৮ জানুৱাৰিত এই বিস্ফোৰণৰ চূড়ান্ত ৰায় দান কৰিব আদালতে।

২০০৮ চনৰ ৩০ অক্টোবৰত গণেশগুৰিৰ অ’ভাৰব্ৰীজৰ তলত আৰু লগতে আন কেইবাটাও স্থানত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাটোৰ বিচাৰ প্ৰক্ৰিয়াটো চি বি আইৰ ফাষ্ট ট্ৰেক আদালতত চলি আছিল। গোচৰটোৰ জটিলতাৰ বাবে ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলা সত্ত্বেও ৰায় দানৰ বাবে ১০ বছৰতকৈ অধিক সময় লাগে।

বিশেষ সূত্ৰে জানিব পৰামতে ২২ জানুৱাৰিত ইয়াৰ শুনানি প্ৰক্ৰিয়াৰ লগতে সাক্ষ্য গ্ৰহণ আদিকে ধৰি সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে।

উল্লেখযোগ্য যে এই ধাৰাবাহিক বোমা বিস্ফোৰণ গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ আৰু ফাঁচিবজাৰৰ লগতে বৰপেটাৰোড, বঙাইগাঁও আৰু কোকৰাঝাৰত সংঘটিত কৰা হৈছিল।

এন ডি এফ বিয়ে সংঘটিত কৰা এই ধাৰাবাহিক বোমা বিস্ফোৰণত মুঠ ৮৮জন লোক নিহত হোৱাৰ বিপৰীতে নিচে কমেও ৪৭০জন লোক আহত হৈছিল। গোচৰটোত এন ডি এফ বিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীকে ধৰি মুঠ ১৫ জনক অভিযুক্ত কৰা হৈছে। মুঠ ৬৫০জন লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে বুলি সূত্ৰটোৱে কয়।

Related News