বিগত বাৰৰ দৰে এইবাৰো গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব ‘জোনাকী’ উত্তৰ পূৱ চলচ্চিত্ৰ মহোৎসৱ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ জনসংযোগ আৰু সাংবাদিকতা বিভাগে বিগত কেইবাৰ দৰে এইবাৰো দুদিনীয়াকৈ আয়োজন কৰিছে ‘জোনাকী’ শীৰ্ষক এই চলচ্চিত্ৰ মহোৎসৱখনি।
২৮ আৰু ২৯ ফেব্ৰুৱাৰিৰ দিনা বিশ্ববিদ্যালয়ৰ পি ডি আৰু এ টি প্ৰেক্ষাগৃহত মহোৎসৱখনিৰ ছবিবোৰ প্ৰদৰ্শিত হ’ব।
উল্লেখ্য যে মহোৎসৱখনত কেৱল অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছবিহে প্ৰদৰ্শন কৰা হয়। এইবাৰ মহোৎসৱখনিত বড়ো আৰু মিচিং ভাষাৰ ছবিও প্ৰদৰ্শন কৰা হ’ব।
২৮ ফেব্ৰুৱাৰিত অংকুৰণ দত্তৰ পৰিচালিত ‘ষ্টকিং দ্য ষ্ট্ৰকছ’ নামৰ ছবিখনেৰে মহোৎসৱখন আৰম্ভ কৰা হ’ব। আনহাতে ভাস্কৰ হাজৰিকাৰ পৰিচালিত ‘আমিষ’ ছবিৰে সামৰণি পৰিব মহোৎসৱখনি।
মহোৎসৱখনৰ লগত সংগতি ৰাখি এমিনেচন ছবিৰ ৱৰ্কশ্বপৰো আয়োজন কৰা হৈছে।
অসম পৰ্যটন বিভাগ, ভাৰতীয় তেল নিগম, আৰ এম টি, ফাট্টি ড্ৰেগনে সহযোগ কৰা মহোৎসৱখনি মিডিয়া পাৰ্টনাৰ হিচাপে নৰ্থ-ইষ্ট নাউ আৰু ছিড্ডি কেপচাৰে সহযোগ কৰিছে।