হত্যাৰ বলি হৈছিল নেকি জোনমণি! প্ৰত্যক্ষদৰ্শীৰ ভাষ্যই দিছে নতুন ইংগিত

Junmoni Rabha

সম্প্ৰতি ৰাজ্যত সবাতোকৈ চৰ্চিত হৈ পৰা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই আন এক গতি লাভ কৰিছে। পথ দুৰ্ঘটনাত জোনমণিৰ মৃত্যু ঘটা বুলি আৰক্ষীয়ে উল্লেখ কৰিলেও পৰিয়ালৰ লোকে তোলা হত্যাৰ অভিযোগৰ পাছতে সমগ্ৰ ঘটনা ৰহস্যঘন হৈ পৰিছে।

এনে সময়তে এই সমগ্ৰ ঘটনাৰ এগৰাকী প্ৰত্যক্ষদৰ্শীৰ দাবীয়ে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাত এক নতুন ইংগিত বহন কৰিছে। প্ৰত্যক্ষদৰ্শী যুৱকগৰাকীৰ ভাষ্যই জোনমণিৰ মৃত্যুত হত্যাৰ ষড়যন্ত্ৰ থকাৰ অধিক সন্দেহৰ সৃষ্টি কৰিছে।

যুৱকগৰাকীৰ দাবী অনুসৰি দুৰ্ঘটনাস্থলীত বহুসময় ধৰি ৰখাই থোৱা আছিল জোনমণি ৰাভাৰ বাহন। বাহনখন ৰখাই থোৱা সময়তে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে জোনমণিৰ বাহনখনত খুন্দা মাৰে।

এই সন্দৰ্ভত যুৱকগৰাকীয়ে কয় যে, নিশা প্ৰায় ১:৩০ বজাত তেওঁ গুৱাহাটীৰ পৰা আহি আছিল আৰু টোপনি অহাৰ বাবে জখলাবন্ধাত কিছু সময় জিৰণি লোৱাৰ সিদ্ধান্ত লৈছিল।

নিজ বাহনৰ পৰা ওলাই পথৰ কাষৰ এখন দোকানলৈ যোৱাৰ সময়তে তেওঁ ৰখাই থোৱা আন এখন বাহন দেখা পাইছিল বুলি যুৱকগৰাকীয়ে লগতে উল্লেখ কৰে। তেনে সময়তে এখন ট্ৰাকে ইচ্ছাকৃতভাৱে ৰখাই থোৱা বাহনখনত সন্মুখৰ পৰা খুন্দা মাৰে বুলি তেওঁ লগতে দাবী কৰে।

ইফালে ট্ৰাকখনে খুন্দা মৰাৰ পূৰ্বে জোনমণি ৰাভাৰ বাহনৰ পৰা ক’লা পেণ্ট আৰু জোতা পৰিহিত এগৰাকী যুৱক নামি যোৱা বুলিও চাঞ্চল্যকৰ দাবী কৰিছে যুৱকগৰাকীয়ে।

তেওঁ কয় যে, বিপদ অনুভৱ কৰি তেওঁ প্ৰথমে গাড়ীৰ কাষ চাপিবলৈ দ্বিধাবোধ কৰিছিল যদিও জখলাবন্ধা থানাৰ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁ দুৰ্ঘটনাস্থলীৰ কাষ চাপি গৈছিল।

কিন্তু জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে তেওঁক আঁতৰি যাবলৈ নিৰ্দেশ দিয়াৰ বাবে তেওঁ সেই স্থানৰ পৰা আঁতৰি যায় বুলিও ইংগিতপূৰ্ণ দাবী কৰিছে প্ৰত্যক্ষদৰ্শী যুৱকগৰাকীয়ে।

ইতিপূৰ্বেই জোনমণিৰ পৰিয়াল আৰু একাংশ শুভাকাংক্ষীয়ে জোনমণিৰ মৃত্যুত সন্দেহ প্ৰকাশ কৰি এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি আহিছে। এনে দাবীৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ চি আই ডি তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

এনে সময়তে প্ৰত্যক্ষদৰ্শী যুৱকগৰাকীৰ ভাষ্যই এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত আনি দিয়া নতুন ইংগিতে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে।