প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি শিৱসাগৰত আৰম্ভ হৈছে এক বিশেষ “ন্যায় যাত্ৰা”। শিৱসাগৰৰ প্ৰসিদ্ধ শিল্পী প্ৰশান্ত চেতিয়াই জুবিন গাৰ্গলৈ সন্মান জনোৱাৰ লগতে তেওঁৰ অকাল মৃত্যুৰ ন্যায়ৰ দাবীত আৰম্ভ কৰিছে সৰ্বধৰ্মীয় তীৰ্থযাত্ৰা।
চেতিয়াই শ্ৰী শ্ৰী নৃত্যানন্দ থানৰ পৰা এই যাত্ৰা আৰম্ভ কৰি দেৱী দ’ল, মন্দিৰ, মছজিদ, গীৰ্জা আদি ধৰ্মস্থান পৰিদৰ্শন কৰে। তেওঁ সকলো ধৰ্মৰ মানুহক একত্ৰিত কৰি সত্য পোহৰলৈ অহাৰ বাবে আৰু জবাবদিহিতাৰ বাবে প্ৰাৰ্থনা কৰে।
সংবাদ মাধ্যমৰ আগত প্ৰশান্ত চেতিয়াই কয়, “জুবিনৰ মৃত্যুৱে মোক গভীৰভাৱে জোকাৰি গৈছে। তেওঁ আছিল অসমবাসীৰ ‘মুকুটা মণি’। ধৰ্ম বা সমাজৰ সীমা অতিক্ৰম কৰি তেওঁ সকলো মানুহক একত্ৰিত কৰিছিল। মই তেওঁৰ আত্মাৰ শান্তি আৰু ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰিছোঁ।”
চেতিয়াই লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যাতে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ীসকলক শাস্তি প্ৰদান কৰা হয়। ছিংগাপুৰত থকা সময়ছোৱাত গায়কজনক “প্ৰতাৰণা” কৰা ব্যক্তিসকলক তেওঁ মহাভাৰতৰ “কৌৰৱ”সকলৰ সৈতে তুলনা কৰি তীব্ৰ সমালোচনা কৰে।





