যি সময়ত জ্ঞানেশ কুমাৰক মুখ্য নিৰ্বাচন আয়ুক্ত পদৰ পৰা পদত্যাগ কৰাৰ দাবীৰে ৰাষ্ট্ৰীয় ৰাজনীতিত জোকাৰণি উঠিছে, সেই সময়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জল ভূঞাই ভোটাৰ তালিকা সংশোধনক তীব্ৰ সমালোচনা কৰিছে।
তেওঁৰ স্পষ্ট বক্তব্য যে যি ব্যৱস্থাত এজন ব্যক্তি নাগৰিক হৈ থাকে কিন্তু ভোট দিব নোৱাৰে, সেয়া সংবিধানৰ ভেটিটোৰেই উলংঘা। যদি কোটি কোটি ভাৰতীয় নাগৰিকে যিকোনো প্ৰক্ৰিয়াত ভোটাধিকাৰ হেৰুৱাই পেলায়, তেন্তে সেই প্ৰক্ৰিয়াটোক স্বভাৱগতভাৱে খেলিমেলি আৰু স্বেচ্ছাচাৰী বুলি গণ্য কৰিব পাৰি। তেওঁৰ মতে, এই ত্ৰুটিপূৰ্ণ প্ৰক্ৰিয়াটোক প্ৰত্যাভিযোগ উত্থাপন কৰি বা দৃষ্টি অঁতৰাই কোনোমতে ন্যায্যতা প্ৰদান কৰিব নোৱাৰি।
দেওবাৰে হায়দৰাবাদৰ নালছা আইন বিশ্ববিদ্যালয়ত অনুষ্ঠিত ন্যায়াধীশ বোধৰাজ সাহনী সোঁৱৰণী প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত এই মন্তব্য কৰে ন্যায়াধীশ ভূঞাই। তাত ভোটাধিকাৰৰ গুৰুত্ব ব্যাখ্যা কৰি ন্যায়াধীশগৰাকীয়ে কয় যে ভোটাধিকাৰ বা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অধিকাৰ নাগৰিকৰ পৰিচয়ৰ পৰা পৃথক কৰিব নোৱাৰি। তেওঁৰ ভাষাত “ই শৰীৰৰ পৰা আত্মাক উলিয়াই অনাৰ দৰে হ’ব।”
ইতিমধ্যে উচ্চতম ন্যায়ালয়ত এছ আই আৰ সন্দৰ্ভত আবেদন দাখিল কৰা হৈছে। সেই প্ৰসংগতো ন্যায়াধীশৰ বক্তব্য তাৎপৰ্যপূৰ্ণ। অৱশ্যে এয়া বিশ্ববিদ্যালয়ৰ এটা অনুষ্ঠানত দিয়া তেওঁৰ ভাষণ; কোনো ক্ষেত্ৰতে ই উচ্চতম ন্যায়ালয়ৰ ৰায় বা নিৰ্দেশ নহয়।
দেওবাৰে ন্যায়াধীশ ভূঞাৰ ভাষণৰ মূলতে এটা মৌলিক প্ৰশ্ন আছিল— নাগৰিকত্ব বাহাল ৰাখি বৃহৎ সংখ্যক লোকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিলে গণতন্ত্ৰৰ কি বাকী থাকে? তেওঁ কয়, “যদি কোনো প্ৰক্ৰিয়াৰ ফলস্বৰূপে কোটি কোটি ভাৰতীয় নাগৰিকে ভোটাধিকাৰ হেৰুৱায়, ভোটাধিকাৰ বঞ্চিত নাগৰিক হিচাপে নিজৰ দেশতে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ পৰে, তেন্তে সেই প্ৰক্ৰিয়াটো সহজাতভাৱে স্বেচ্ছাচাৰী। ইয়াক কোনো ধৰণৰ প্ৰসংগ টানি আনি ন্যায্যতা প্ৰদান কৰিব নোৱাৰি।”
ইংৰাজীত তেওঁ ‘whataboutery’ শব্দটো ব্যৱহাৰ কৰিছে। অৰ্থাৎ কোনো নিৰ্দিষ্ট প্ৰশ্নৰ উত্তৰ নিদি আন ঘটনা বা আনৰ কাম সন্মুখলৈ আনি মূল প্ৰশ্নৰ পৰা মনোযোগ আঁতৰোৱাৰ কৌশল। ন্যায়াধীশগৰাকীৰ বক্তব্য স্পষ্ট, বৃহৎ সংখ্যক নাগৰিকৰ ভোটাধিকাৰ বঞ্চিত কৰাৰ প্ৰশ্নটো এনেদৰে একাষৰীয়া কৰিব নোৱাৰি।
তেওঁ লগতে কয় যে এনে প্ৰক্ৰিয়াই “সংবিধানৰ একেবাৰে ভেটিটোতে আঘাত হানে”। তেওঁৰ মতে ইয়াক ভাৰতীয় সংবিধানৰ অধীনত গ্ৰহণ কৰা সাংবিধানিক ব্যৱস্থাক অস্বীকাৰ কৰা বুলিও ক’ব পাৰি।
ন্যায়াধীশ ভূঞাই সংবিধানৰ ৩২৫ আৰু ৩২৬ নং অনুচ্ছেদৰ উদ্ধৃতি দি ভোটাধিকাৰ কিয় ইমান গুৰুত্বপূৰ্ণ সেই কথা ব্যাখ্যা কৰে। ৩২৫ অনুচ্ছেদ ব্যাখ্যা কৰি তেওঁ কয় যে লোকসভা বা ৰাজ্যিক বিধায়িনী দলৰ নিৰ্বাচনৰ বাবে প্ৰতিটো আঞ্চলিক সমষ্টিতে এখন উমৈহতীয়া ভোটাৰ তালিকা থাকিব। কেৱল ধৰ্ম, বৰ্ণ, জাতি বা লিংগৰ ভিত্তিত কাকো সেই তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অযোগ্য বুলি ক’ব নোৱাৰি।
৩২৬ নং অনুচ্ছেদ অনুসৰি লোকসভা আৰু ৰাজ্যৰ বিধায়িনী দলৰ নিৰ্বাচন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত হ’ব। ন্যায়াধীশগৰাকীয়ে কয় যে ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ প্ৰতিজন ভাৰতীয় নাগৰিক, যিয়ে সংবিধান বা উপযুক্ত বিধায়িনী দলে প্ৰণয়ন কৰা কোনো আইনৰ ভিত্তিত অযোগ্য নহয়, তেওঁ ভোটাৰ হিচাপে পঞ্জীয়ন কৰাৰ অধিকাৰ আছে। তেওঁ বাসস্থানৰ সৈতে জড়িত অযোগ্যতা, মানসিক ৰোগৰ বাবে আইনী অযোগ্যতা, অপৰাধ বা দুৰ্নীতি বা অবৈধ আচৰণৰ দৰে নিৰ্দিষ্ট ভিত্তিৰ কথাও উল্লেখ কৰে।
অৰ্থাৎ ভোটাৰ হোৱাৰ যোগ্যতা আৰু অযোগ্যতাৰ সাংবিধানিক কাঠামো আছে। ন্যায়াধীশগৰাকীয়ে সেই কাঠামোৰ বিষয়ে আলোচনা কৰি কোটি কোটি নাগৰিকক স্বেচ্ছাচাৰীভাৱে ভোটৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়ে।
ভোটদান কেৱল নিৰ্বাচনী আনুষ্ঠানিকতা নহয়, সমাজৰ ক্ষমতাৰ ভাৰসাম্য সলনি কৰাৰ আহিলাও বুলি স্পষ্ট কৰি দিবলৈ ন্যায়াধীশ ভূঞাই প্ৰত্যক্ষ উদাহৰণ দাঙি ধৰে। তেওঁ কয়, “এজন কোটিপতি হ’ব পাৰে, আৰু এজন ৰিক্সাচালক হ’ব পাৰে। কিন্তু দুয়োৰে ভোট থাকিব আৰু তেওঁলোকৰ ভোটৰ মূল্য সমান হ’ব।”
একেদৰে সামাজিকভাৱে উচ্চ অৱস্থানত থকা মন্দিৰৰ পুৰোহিত আৰু হাতেৰে মানুহৰ আৱৰ্জনা পৰিষ্কাৰ কৰিবলৈ বাধ্য হোৱা, সমাজৰ নিম্নতম স্তৰত থকা ব্যক্তিৰ ভোটৰ মূল্যও একে। ন্যায়াধীশগৰাকীৰ মতে, সমাজ পৰিৱৰ্তনৰ বাবে এইটোৱে ভাৰতীয় সংবিধানৰ দৃষ্টিভংগী। তেওঁৰ ভাষাত ধন-সম্পত্তি, সামাজিক মৰ্যাদা বা পেছাৰ ভিত্তিত ভোটৰ ওজন সলনি নহয়। তেওঁ এই সম ভোটাধিকাৰক ভাৰতত সমতা প্ৰতিষ্ঠাৰ দিশত প্ৰথম পদক্ষেপ বুলি অভিহিত কৰে।
ন্যায়াধীশ ভূঞাই ভাৰতত প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ধাৰণাটোৰ ইতিহাসৰ ওপৰতো আলোকপাত কৰে। তেওঁ কয় যে এই ধাৰণাটোৰ প্ৰাৰম্ভিক প্ৰকাশ পোৱা গৈছিল ১৮৯৫ চনৰ ‘কনষ্টিটিউছন অফ ইণ্ডিয়া বিল’ত, যাক ‘স্বৰাজ বিল’ বুলিও কোৱা হয়। সংবিধানসভাত হোৱা বিতৰ্কৰ কথা উল্লেখ কৰি তেওঁ কয় যে সংবিধানৰ খচৰাৰ ২৮৯এ আৰু ২৮৯বি অনুচ্ছেদ পৰৱৰ্তী সময়ত ক্ৰমে ৩২৫ আৰু ৩২৬ নং অনুচ্ছেদলৈ পৰিণত হয়। বি আৰ আম্বেদকাৰৰ বক্তব্যৰ কথা উল্লেখ কৰি ন্যায়াধীশগৰাকীয়ে কয় যে সংবিধানত ভোটাধিকাৰ আৰু প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তি স্পষ্টকৈ লিখাৰ প্ৰয়োজন আছিল। সংসদীয় আইন প্ৰণয়নৰ খেয়ালখুচিৰ ওপৰত এৰি দিয়াৰ কথা নহয়।
ন্যায়াধীশ ভূঞাৰ মতে দীৰ্ঘদিনীয়া স্বাধীনতা সংগ্ৰাম আৰু বিদেশী শাসনৰ বিৰুদ্ধে যুঁজ দিয়াৰ পিছত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ স্বাভাৱিক সিদ্ধান্ত আছিল। ভাৰতে বাছি লোৱা গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ এয়া এক অপৰিহাৰ্য উপাদান। সেইবাবেই নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি নিয়াটো কেৱল ভোটাৰ তালিকা সংশোধনৰ বিষয় নহয়। ই সমতা, নাগৰিকৰ মৰ্যাদা আৰু সাংবিধানিক ব্যৱস্থাৰ ভেটি ৰক্ষাৰো প্ৰশ্ন।


