NORTHEAST NOW (Assamese)

জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিজেপিত যোগদানে কংগ্ৰেছৰ ক্ষতি নকৰে : গৌৰৱ গগৈ

March 11, 2020 7:32 pm · এন ই নাও নিউজ
গৌৰৱ গগৈ

অসমৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বুধবাৰে মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিজেপিত যোগদানে কংগ্ৰেছৰ কোনোধৰণৰ ক্ষতি নকৰে বুলি মন্তব্য কৰে।

বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে যুদ্ধ কৰাৰ সময়ত সিন্ধিয়াই কংগ্ৰেছ ত্যাগ কৰাৰ বাবে গৌৰৱ গগৈয়ে সিন্ধিয়াক সমালোচনা কৰে।

সিন্ধিয়াই কংগ্ৰেছ দলৰ পৰা সকলো লাভ কৰিছে বুলি উল্লেখ কৰি গগৈয়ে সিন্ধিয়াই কংগ্ৰেছৰ পৰা কি লাভ কৰা নাছিল? তেওঁ সন্মান, মন্ত্ৰী পদ সকলো কংগ্ৰেছৰ দিনতে পাইছিল বুলি কয়।

আনহাতে, জনাদেশৰ বিৰুদ্ধে ৰাজনীতি খেলা বুলিও অসমৰ সাংসদ গৰাকীয়ে বিজেপিক কঠোৰ সমালোচনা কৰে।

‘‘মধ্যপ্ৰদেশৰ জনসাধাৰণে শিৱৰাজ সিং চৌহানক প্ৰত্যাখান কৰি কংগ্ৰেছক শাসনত অধিষ্ঠিত কৰিছিল আৰু এতিয়া বিজেপিয়ে কংগ্ৰেছ চৰকাৰ ওফৰাব বিচাৰিছে,’’ গৌৰৱ গগৈয়ে লগতে কয়।

উল্লেখযোগ্য যে, বিজেপিত যোগদান কৰাৰ পাছত আজি বিজেপিয়ে জ্যোতিৰাদিত্য সন্ধিয়াৰ নাম মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে।

Related News