• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত জিলা উপায়ুক্তৰ অধ্যক্ষতাত জিলা উন্নয়ন সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
March 11, 2020 7:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত হয়।

বৈঠকৰ আৰম্ভণিতে উপায়ুক্তই জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলক পাৱাৰ পইণ্ট প্ৰেজেণ্টেচনৰ যোগেদি বিভাগীয় আঁচনি আৰু কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰিবলৈ কয়।

Apply Now

উপায়ুক্ত গৰাকীয়ে বিভাগীয় মুৰব্বীসকলক ক্ষিপ্ততাৰে আঁচনিসমূহ ৰুপায়ণ কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত গুণগত মানদণ্ডৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবৰ বাবে আহ্বান জনায় যাতে জনসাধাৰণে চৰকাৰী আঁচনিৰ যোগেদি প্ৰকৃততে সুফল লাভ কৰিব পাৰে।

স্বাস্থ্য বিভাগৰ আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ সময়ত উপায়ুক্ত গৰাকীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে আৰু এই সন্দৰ্ভত স্বাস্থ্য সেৱাসমূহৰ যুটীয়া সঞ্চালকক নজৰ ৰাখিবলৈ কয়।

সভাত জিলা উপায়ুক্তই কৃষকসকলক কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ প্ৰদানৰ ক্ষেত্ৰত ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

স্বাস্থ্য সেৱাসমূহৰ যুটীয়া সঞ্চালকে জিলাখনত শেহতীয়াভাৱে শিশুৰ মৃত্যুৰ হাৰ আৰু গৰ্ভাৱস্থাত মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি জানিবলৈ দিয়ে। জিলা উপায়ুক্তই অহা ৩১ মাৰ্চ তাৰিখৰ ভিতৰত সমগ্ৰ জিলাতেই টীকাকৰণৰ কাম ১০০ শতাংশই সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, বৰ্তমানলৈ জিলাখনত আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ২,৪৯১ গৰাকী আৰু অটল অমৃত যোজনাৰ অধীনত ৪,০,৯,০৯৬ গৰাকী হিতাধিকাৰী সামৰি লোৱা হৈছে।

জিলা উপায়ুক্ত গৰাকীয়ে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা প্ৰতিৰোধৰ ক্ষেত্ৰত ল’বলগীয়া সতৰ্কতামূলক ব্যৱস্থা সম্পৰ্কে ৰাইজৰ মাজত বহুলভাৱে সজাগতা বৃদ্ধি কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। তেওঁ বিদ্যালয় সমূহৰ পৰিদৰ্শকক স্বাস্থ্য আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত জিলাখনৰ বিদ্যালয় সমূহত পদ্ধতিগত ভাৱে হাত ধুৱাৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ কয়।

সভাৰ অন্তত জিলা উপায়ুক্তই সকলো চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকলক চৰকাৰী কাম-কাজ, যোগাযোগ, চিঠি-পত্ৰ আদিত বহুলভাৱে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল্ আজহাৰ আলি, অতিৰিক্ত উপায়ুক্ত জুনুমণি সোনোৱাল আৰু বিদিত দাস, নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামী, সহকাৰী আয়ুক্ত মনালী প্ৰসাদ ৰজকৰ উপৰিও জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে।
পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd