সুৰা কেলেংকাৰীৰ গোচৰত কে কবিতাক কাৰাগাৰতে গ্ৰেপ্তাৰ কৰিলে চিবিআই-এ

দিল্লীৰ কথিত সুৰা নীতিৰ গোচৰত তামিলনাদুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাক  কাৰাগাৰতে গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআই-এ। 

বৰ্তমান বাতিল হোৱা দিল্লী সুৰা নীতিৰ গোচৰৰ সৈতে জড়িত ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা কে কবিতাক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই।

যোৱা ১৫ মাৰ্চত বলৱৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল কে কবিতাক। তাৰপিছত ২৩ এপ্ৰিল পৰ্যন্ত ন্যায়িক জিম্মাত লোৱা হৈছিল নেতাগৰাকীক।

তাৰ মাজতে কে কবিতাক গ্ৰেপ্তাৰ কৰাৰ অনুমতি বিচাৰি বুধবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতত চিবিআই-এ আবেদন দাখিল কৰিছিল। বুধবাৰে সন্ধিয়া আদালতে চিবিআইক গ্ৰেপ্তাৰ কৰাৰ অনুমতি প্ৰদান কৰাৰ পিছতে বৃহস্পতিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। 

জানিব পৰা মতে শুকুৰবাৰে নিজৰ জিম্মাত বিচাৰি আদালতত আবেদন জনাব চিবিআই-এ।

যোৱা ৬ এপ্ৰিলত চিবিআইৰ বিষয়াসকলে বিশেষ আদালতৰ পৰা অনুমতি লাভ কৰি কাৰাগাৰৰ ভিতৰত কে কবিতাক সোধা-পোছা কৰিছিল।

সুৰা নীতিৰ গোচৰৰ অভিযুক্ত বুচি বাবুৰ ফোন আৰু মাটিৰ চুক্তিৰ সৈতে জড়িত নথি-পত্ৰৰ আৰু হোৱাটছএপ বাৰ্তাৰ সন্দৰ্ভত বি আৰ এছ নেতাগৰাকীক জেৰা কৰিছিল সংস্থাটোৱে।

উল্লেখ কৰাৰ প্ৰয়োজন নাই যে ৰাষ্ট্ৰীয় পৰ্যায়ত সুৰাৰ অনুজ্ঞাপত্ৰৰ বৃহৎ অংশৰ বিনিময়ত দিল্লীৰ শাসকীয় দল আম আদমী পাৰ্টিক ১০০ কোটি টকাৰ উপঢৌকন দিয়াৰ অভিযোগ উত্থাপন হৈছে কবিতাৰ বিৰুদ্ধে।