গুপ্তহত্যা প্রসংগ : শইকীয়া আয়োগক অবৈধ ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Guwahati-High-court-570x320

অসমৰ ইতিহাসৰ এক ক’লা অধ্যায় হিচাপে চিহ্নিত গুপ্তহত্যাক লৈ কৰা ৰাজনীতিয়ে বিষয়টোক গভীৰ ৰহস্যৰ মাজলৈ লৈ গৈছে। গুপ্তহত্যাৰ বলি হোৱাসকলৰ পৰিয়ালে ন্যায় প্ৰাপ্তিৰ পৰিৱৰ্তে প্ৰৱঞ্চনাৰহে বলি হ’বলগীয়া হৈছে। দুৰ্ভাগ্যজনকভাৱে, গুপ্তহত্যাৰ ঘটনাসমূহৰ ন্যায়িক তদন্তৰ বাবে গঠন কৰা শেষৰ আয়োগখনেই বৈধ নাছিল।

তিনিটাকৈ কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হোৱা তৰুণ গগৈৰ প্ৰথমটো কাৰ্যকালত গঠন কৰা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ (বৰ্তমান প্ৰয়াত) খগেন্দ্ৰ নাথ শইকীয়া নেতৃত্বাধীন গুপ্তহত্যা তদন্ত আয়োগখন আইনগতভাৱে বৈধ নাছিল বুলি সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ঘোষণা কৰে।

তদুপৰি ৰাজ্য চৰকাৰে উক্ত আয়োগখনক অনুৰূপ ধৰণৰ সকলো গোচৰৰ তদন্ত কৰাৰ বাবে কৰ্তৃত্ব দিয়া এখন অধিসূচনাকো ন্যায়ালয়ে বিধিসন্মত নহয় বুলি ৰায় দিছে।

উল্লেখযোগ্য যে ১৯৯৮ চনৰ পৰা ২০০১ চনৰ ভিতৰত সংঘটিত হোৱা এই গুপ্তহত্যাৰ ঘটনাৰ সময়ত অগপ চৰকাৰৰ মুখ্যমন্ত্ৰী পদত থকা প্ৰফুল্ল কুমাৰ মহন্তই দাখিল কৰা (৭৪৬/২০০৮) এখন লেখ আবেদনৰ ওপৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্বল ভূঞা সোমবাৰে এই ৰায় প্ৰদান কৰে।

গুপ্তহত্যা সম্পৰ্কত প্ৰথমখন আয়োগ প্ৰাক্তন ন্যায়াধীশ ছফিকুল হক আয়োগৰ পিছত গগৈ চৰকাৰে শাসনভাৰ গ্ৰহণ কৰিয়েই ন্যায়াধীশ মীৰা শৰ্মাক লৈ এখন আয়োগ গঠন কৰিছিল। ২০০৩ চনত ন্যায়াধীশ শৰ্মাই পদত্যাগ কৰাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ জে এন শৰ্মা আয়োগ গঠন কৰে।

২০০৫ চনৰ আগষ্টত জে এন শৰ্মা আয়োগে দাখিল কৰা প্ৰতিবেদন চৰকাৰে অগ্ৰাহ্য কৰি ২০০৫ চনৰ ২২ আগষ্টত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ খগেন্দ্ৰ নাথ শইকীয়া তদন্ত আয়োগ গঠন কৰে।

২০০৬ চনৰ ২১ আগষ্ট আৰু ২০০৭ চনৰ ৭ আগষ্টত শইকীয়া আয়োগে দাখিল কৰা প্ৰতিবেদনত উক্ত ঘটনালানি সংঘটিত হোৱা সময়ত গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক জগৰীয়া কৰিব পৰা কিছু বিষয় সন্নিৱিষ্ট কৰিছিল।

২০০৮ চনত মহন্তই শইকীয়া আয়োগৰ প্ৰতিবেদনক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন জনায়। মহন্তৰ আবেদন কোৱা হৈছিল যে শইকীয়া গঠন কৰাৰ পূৰ্বে জে এন শৰ্মা আয়োগ ভংগ কৰি চৰকাৰে ৰাজপত্ৰিত অধিসূচনা জাৰি কৰা নাছিল। এইদৰে ই তদন্ত আয়োগ আইন-১৯৫২’ ৰ ধাৰা ৩ উলংঘন কৰিছে। সেইদৰে আয়োগখন গঠনৰ পিছত অনুৰূপ সকলো গোচৰৰ কৰ্তৃত্ব দিয়াটোও আইনখনৰ ধাৰা ৭ ৰ উলংঘন।

উল্লেখযোগ্য যে মহন্তৰ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ত গোচৰটো চলি থকাৰ মাজতে ২০১৬ চনৰ ৭ ডিচেম্বৰত প্ৰাক্তন ন্যায়াধীশ শইকীয়াৰ মৃত্যু হয়।

আনহাতে, দীৰ্ঘদিন শুনানিৰ পিছত সোমবাৰে উচ্চ ন্যায়ালয়ে মহন্তৰ আবেদন গ্ৰহণ কৰি শইকীয়া আয়োগৰ গঠন আৰু তাৰ পৰৱৰ্তী চৰকাৰী নিৰ্দেশনাখন অবৈধ বুলি ৰায়দান কৰে।