কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই(Karbi Anglong District Students Union চমুকৈ KAASU) কাৰ্বি আংলঙৰ উপায়ুক্তলৈ প্ৰেৰণ কৰা এখন স্মাৰকপত্ৰত উল্লেখ কৰে যে কাৰ্বি আংলঙত অবৈধ কয়লা খনন হৈ আছে। ছাত্ৰ সংগঠনটোৱে এই সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছত জানুৱাৰিৰ ২৮ তাৰিখ সোমবাৰে আবেলি প্ৰায় ২-৪৫ বজাত কেইখনমান ট্ৰাক জব্দ কৰে। এই ট্ৰাককেইখনত অবৈধ কয়লাৰে ভৰি আছিল। এই ট্ৰাককেইখন পাছত মাঞ্জা আৰক্ষী থানাক গটাই দিয়া হৈয়। উক্ত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা হৈছে।
ছাত্ৰ সংগঠনটোৱে জিলা প্ৰশাসনক আহ্বান জনাইছে যে যাতে এই বিষয়ত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে। তাৰ ব্যতিৰেকে এক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি প্ৰকাশ কৰে কৰ্বি আংলং জিলা ছাত্ৰ সন্থাই। আছুৱে আৰু জনাইছে যে লাংমিলি, দেছোবাই, কুৰ্দং, দিলাই, চিলনিজান আৰু আন আন ঠাইতো অবৈধভাৱে কয়লা খনন হৈ আছে।
কাৰ্বি আংলঙত বিগত কংগ্ৰেছ চৰকাৰৰ আমোলৰ পৰাই অবৈধভাৱে কয়লাৰ খনন হৈ আহিছে। আৰু বিজেপিয়ে ৰাজ্যত চৰকাৰ গঠন কৰাৰ লগে লগে এই অবৈধ খনন কাৰ্যই এটা নতুন শক্তি লাভ কৰিলে। এইচ্চএডি মন্ত্ৰী ছুম ৰংহাঙৰ ছত্ৰ-ছায়াতেই অবৈধ খনন কাৰ্য চলি আছে বুলি ছাত্ৰ সংগঠনটোৱে অভিযোগ উত্থাপন কৰে।
উল্লেখ্য যে সময়ে সময়ে বিভিন্ন নাগৰিক সংগঠনসমূহে জিলা প্ৰশাসনৰ ওচৰত অবৈধ খনন সম্পৰ্কে অভিযোগ উত্থাপন কৰি আহিছে কিন্তু কোনো ফল হোৱা নাই। পৰিষদ, আৰক্ষী, জিলা প্ৰশাসন আৰু সংবাদ মাধ্যমক টকাৰে কিনি ৰখা বুলিও ছাত্ৰ সংগঠনটোৱে অভিযোগ তোলে। এটা নিৰ্ভৰযোগ্য সূত্ৰত প্ৰকাশ যে ডিফুৰ কেইটামান সংবাদ গোষ্ঠী আৰু সাংবাদিকক বছৰি ২.৫ লাখ টকাকৈ দি মুখ বন্ধ কৰি ৰখা হৈছে।
উল্লেখ্য যে কাৰ্বি আংলঙৰ কয়লা উচ্চ গুণমান বিশিষ্ট নহয়। কিন্তু মেঘালয়ৰ পৰা অনা উন্নত মানৰ কয়লাৰ সৈতে মিহলি কৰাত এই কয়লা ব্যৱহৃত হৈ আহিছে। নাগালেণ্ডত কাৰ্বি আংলঙৰ অবৈধভাৱে খনন কৰা এই কয়লাৰ যথেষ্ট চাহিদা আছে আৰু প্ৰতি নিশা ইয়াৰে অধিকাংশ পৰিবহণ হয়।