NORTHEAST NOW (Assamese)

বিদ্যুৎস্পৃষ্ট হৈ কহিনুৰ থিয়েটাৰৰ পোহৰ শিল্পীৰ কৰুণ মৃত্যু

August 27, 2019 6:34 pm · এন ই নাও নিউজ
কহিনুৰ থিয়েটাৰ। উৎস-ইণ্টাৰনেট

সোমবাৰে নিশা অসমৰ জনপ্ৰিয় ভ্ৰাম্যমান নাট্যদল কহিনুৰ থিয়েটাৰৰ পোহৰ শিল্পী দেবেন ৰয়ে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু বৰণ কৰিবলগীয়া হোৱা ঘটনাই সমগ্ৰ পাঠশালা অঞ্চলত শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, সোমবাৰে নিশা ভ্ৰাম্যমান নাট্য দলটোৱে পাঠশালাত নাট পৰিবেশন কৰি থকা সময়তে পোহৰ শিল্পীগৰাকীয়ে পোহৰৰ কাম কৰি থকাৰ সময়ত যান্ত্ৰিক বিজুটিৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মত্যুক আকোৱালি লয়।

কহিনুৰ থিয়েটাৰৰ তৰফৰ পৰা জনোৱা অনুসৰি পাঠশালাত নাট্যদলটোৱে প্ৰথম দৰ্শনীৰ নাট পৰিবেশন কৰি দ্বিতীয় দৰ্শনীৰ নাট পৰিবেশ কৰাৰ বাবে যো-জা চলাই থকাৰ সময়তে পোহৰ শিল্পী ৰয় বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয়।

আহত ৰয়ত ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ভ্ৰাম্যমান নাট্যদলত পোহৰ শিল্পী হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰা শিল্পীগৰাকীৰ আকস্মিক মৃত্যুত কহিনুৰ থিয়েটাৰৰ প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীয়ে গভীৰ শোক ব্যক্ত কৰে।

উল্লেখযোগ্য যে, প্ৰয়াত দেৱেন ৰয়ে সুদীৰ্ঘ ৩২ বছৰ ধৰি ভ্ৰাম্যমান থিয়েটাৰত পোহৰ শিল্পী হিচাপে কাম কৰি আছিল।

Related News