NORTHEAST NOW (Assamese)

ঢোলৰ ৰাণী পূণ্য প্ৰভা দত্ত তামুলীক কলাগুৰু বঁটা প্ৰদান কৰিলে অসম যুৱ পৰিষদে

June 20, 2022 9:44 pm · এন ই নাও নিউজ,টিয়ক
Updated: June 20, 2022 9:45 pm

অসম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা যোৰহাট জিলা আৰু টীয়ক বিধান পৰিষদৰ সহযোগত কলাগুৰু বিষ্ণু ৰাভাৰ ৫৩ সংখ্যক মৃত্যু তিথিৰ দিনা আজি এক সম্বৰ্দ্ধনা অনুষ্ঠান টীয়কৰ কাকজান ঢাৰিগাঁৱৰ ৰংগমঞ্চত পালন কৰা হয়।

এই উপলক্ষ্যে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জিতু বৰগোহাইৰ  সভাপতিত্বত আয়োজিত এই সম্বৰ্দ্ধনা সভাত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰা,টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা,টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াকে প্ৰমুখ্য কৰি ভালে সংখ্যক দলীয় নেতাৰ উপস্থিতি থাকে।

অসমৰ ঢোলৰ ৰাণী পূণ্য প্ৰভা দত্ত তামুলীক নগদ ধনসহ স্মাৰক,জাপিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰি কলাগুৰু বঁটা আনুষ্ঠানিক প্ৰদান কৰাৰ লগতে শিল্পীগৰাকীৰ আশু আৰোগ্য কামনা কৰে উদ্যোক্তাসকলে।

ইপিনে ৰুগীয়া দেহাৰেই শিল্পীগৰাকীয়ে কান্ধত ঢোল লৈ এচাপৰ বজাই সকলোকে আপ্লুত কৰি তোলে।

Related News