DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

নেচনেল হেৰাল্ড গোচৰ: আজি পুনৰ এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ সন্মুখত হাজিৰ হ’ব লাগিব ৰাহুল গান্ধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2022 7:20 am
National Herald case
109
VIEWS
Share on FacebookShare on Twitter

এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে নেচনেল হেৰাল্ড গোচৰত ধাৰাবাহিকভাৱে সোধা-পোচা কৰি থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পুনৰ চমন জাৰি কৰিছে। সোমবাৰে চতুৰ্থ দিনৰ বাবে ইডি- ৰ জেৰাৰ সন্মুখীন হোৱাৰ পিছত কংগ্ৰেছ নেতাজনক আজি পুনৰ হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

যোৱা সপ্তাহৰ সোমবাৰৰ পৰা ৰাহুল গান্ধীক এতিয়ালৈকে চাৰি দিনৰ ভিতৰত ৪০ ঘণ্টা ধৰি ধন সৰবৰাহৰ অভিযোগত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে জেৰা কৰিছে।

আনহাতে ক’ভিদৰ বাবে চিকিৎসাধীন হৈ থকা ৰাহুল গান্ধীৰ মাতৃ তথা কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীক সোমবাৰে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। নেচনেল হেৰাল্ড গোচৰত ইডি- এ জেৰাৰ বাবে ছোনিয়া গান্ধীকো চমন জাৰি কৰিছিল যদিও অসুস্থতাৰ বাবে তেওঁক ২৩ জুনলৈকে সময় দিয়া হৈছিল।

উল্লেখ্য যে ইডি- এ কংগ্ৰেছৰ মালিকানাধীন বাতৰি কাকত নেচনেল হেৰাল্ড গোচৰৰ তদন্ত কৰি আছে। বাতৰি কাকতখন এছ’চিয়েটেড জাৰ্নেলছ লিমিটেডে (এজেএল) প্ৰকাশ কৰিছে।

এছ’চিয়েটেড জাৰ্নেলছ লিমিটেডে ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেড নামৰ এটা সংস্থাও পৰিচালনা কৰে। নেচনেল হেৰাল্ডৰ বিত্তীয় অনিয়ম সম্পৰ্কত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ৰাহুল গান্ধীক ইয়ং ইণ্ডিয়ানৰ বিত্তীয় নেনদেন সন্দৰ্ভতো প্ৰশ্ন কৰিছিল।

ইয়ং ইণ্ডিয়ানে এছ’চিয়েটেড জাৰ্নেলছ লিমিটেডৰ সম্পত্তিৰ ৮০০ কোটি টকা দায়িত্ব গ্ৰহণ কৰিছিল বুলি অভিযোগ উঠাৰ পিছত আয়কৰ বিভাগে ইয়ং ইণ্ডিয়ানৰ অংশীদাৰিত্ব থকা ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীয়ে এই সম্পত্তিৰ বাবে কৰ দিয়া উচিত বুলি দাবী কৰিছিল।

কিন্তু ৰাহুল গান্ধীয়ে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ ওচৰত দাবী কৰে যে ইয়ং ইণ্ডিয়ান এক অলাভজনক কোম্পানী আৰু ই কোম্পানী আইনৰ বিশেষ ব্যৱস্থাৰ অধীনত অন্তৰ্ভুক্ত।

কংগ্ৰেছ নেতাজনে লগতে ইডিৰ প্ৰশ্নৰ উত্তৰত ইয়ং ইণ্ডিয়ানৰ পৰা এটা পইচাও উলিয়াই লোৱা হোৱা নাই বুলি স্পষ্ট কৰি দিছিল।

ইফালে ৰাহুল গান্ধীক নেচনেল হেৰাল্ড গোচৰত জেৰা কৰাৰ পিছৰে পৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

কংগ্ৰেছে শাসনাধিষ্ঠিত বিজেপিৰ বিৰুদ্ধে প্ৰতিহিংসাৰ ৰাজনীতিৰ অভিযোগ তোলাৰ লগতে ৰাজনৈতিক স্বাৰ্থত কেন্দ্ৰীয় স্বতন্ত্ৰ সংস্থাসমূহক ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে।

কংগ্ৰেছে দাবী কৰিছে যে ইয়ং ইণ্ডিয়ান হৈছে এক অলাভজনক সংগঠন, সেয়েহে শ্বেয়াৰধাৰকসকলে ইয়াৰ সম্পত্তিৰ পৰা কোনো ধন উপাৰ্জন কৰিব নোৱাৰে।

Recent News

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd