সাংবাদকৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কলিয়াবৰ ‘জুৱা’ৰ মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ

ৰাজ্য চৰকাৰে, ৰাজনৈতিক ষড়যন্ত্ৰ আৰু সমাজৰ স্বাৰ্থান্বেষী সকলৰ হাতত সাংবাদিক নিগ্ৰহ কাৰ্য প্ৰতিহত কৰিবলৈ আহ্বান জনাই আজি জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ কলিয়াবৰ জিলা সমিতিয়ে কলিয়াবৰ মহকুমাধিপতি বিতুপন নেওগৰ জৰিয়তে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছাম (জুৱা)ৰ কলিয়াবৰ জিলা সমিতিৰ সভাপতি নীলৰঞ্জন শৰ্মা, সাধাৰণ সম্পাদক গোলাপ শইকীয়া, সহকাৰী সম্পাদক দীগন্ত ভূঞা আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক গৌতম বৰাই জিলা সমিতিৰ হৈ আজি দিনৰ ১১ বজাত কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ বিতুপন নেওগৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

স্মাৰকপত্ৰ তেওঁলোকে জানিবলৈ দিয়ে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ‘সংবাদ মাধ্যম‘ দেশৰ জনসাধাৰণৰ দ্বাৰা সৃষ্ট এক স্তম্ভ যদিও ক্ৰমবৰ্দ্ধমান ভাৱে এই মাধ্যমৰ লগত প্ৰত্যক্ষভাৱে জড়িত সংবাদিকসকল বিভিন্ন সময়ত লাঞ্চিত, বঞ্চিত হৈ অহাৰ লগতে দুষ্কৃতিকাৰী সকলৰ আক্ৰমণৰ বলি হৈ আহিছে।

চৰকাৰ আৰু প্ৰশাসনৰ নীৰৱ ভূমিকাৰ বাবেই অসমত কমলা শইকীয়াকে প্ৰমুখ্য কৰি ৩৪ জনকৈ সংবাদিক নিহত হোৱাৰ লগতে যোৱাটো সপ্তাহত চাৰিজনকৈ সাংবাদিক দুষ্কৃতিকাৰীৰ দ্বাৰা শাৰীৰিক নিৰ্যাতনৰ বলি হ‘ব লগীয়া হোৱাটো সমাজৰ বৌদ্ধিক মহলৰ প্ৰতিয়েই এক চিন্তাৰ বিষয় হৈ পৰিছে বুলিও তেওঁলোকে উল্লেখ কৰে।

উল্লেখযোগ্য যে জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ আহ্বান ক্ৰমে ৰাজ্যৰ প্ৰতিখন জিলা সমিতিয়ে ইতিমধ্যে সাংবাদকৰ্মীসকলৰ  নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাই মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।