বিগত ২০২১ বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে কলিয়াবৰৰ মাজ-পূবথৰীয়াৰ ৰাজু বৰা নামৰ যুৱক জন।
গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চিকিৎসা গ্ৰহন কৰি থকা ৰাজু বৰাক বৰ্তমান চিকিৎসকে উন্নত চিকিৎসাৰ পৰামৰ্শ আগবঢ়াইছে যদিও আৰ্থিক অনাটনে উন্নত চিকিৎসাৰ বাবে বাধাৰ সৃষ্টি কৰিছে ৰাজু বৰাৰ পৰিয়ালক।
অসহায় পৰিয়ালৰ লোকে এতিয়া সহায় ভিক্ষা বিচাৰিছে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ লগতে অসমবাসী ৰাইজৰ ওচৰত।
মাতৃ, পত্নী আৰু দুই কণমানি পুত্ৰ সন্তানৰ এই সৰু পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৰাজু বৰা। বৰ্তমান ৰাজুৰ শাৰীৰিক অসুস্থতাৰ পাছতে পৰিয়ালটোলৈ নামি আহিছে ঘোৰ অন্ধকাৰ।
সাঁচতীয়া যি ধন আছিল সেয়া চিকিৎসাত ব্যয় কৰাৰ পাছতে এতিয়া দুবেলা দুমুঠি খাবলৈও চিন্তা কৰিবলগীয়া হৈছে পৰিয়ালটোৱে।
আনহাতে চিকিৎসকে ৰাজুক উন্নত চিকিৎসাৰ পৰামৰ্শ আগবঢ়াইছে যদিও অৰ্থৰ অভাৱত থমকি ৰৈছে উন্নত চিকিৎসা। তাৰ পৰিৱৰ্তে গুৱাহাটী মেডিকেল কলেজ হস্পিতালত ডাইলাইছিছ কৰাই আছে ৰাজুয়ে। ইতিমধ্যে চিকিৎসকে ৰাজুৰ দুয়োটা বৃক্ক বিকল হোৱাৰ কথা জানিবলৈ দিছে পৰিয়ালৰ লোকক।
সেয়ে দুৰ্ভগীয়া ৰাজুৰ পৰিয়ালে ৰাজুৰ উন্নত চিকিৎসাৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ লগতে অসমবাসী ৰাইজৰ ওচৰত আৰ্থিক সহায় বিচাৰিছে।
যদিহে কোনো সু-হৃদয়বান লোকে ৰাজু বৰাক সহায় কৰিব বিচাৰে তেন্তে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰিব।
নাম :শ্ৰীৰাজু বৰা,গাঁও :- মাজ পূবথৰীয়া,পো:অ: পূবথৰীয়া
পিন: ৭৮২১৩৭ ,জিলা :নগাঁও ,অসম,ব্লাড গ্ৰুপ-বি নিগেটিভ
ভ্ৰাম্যভাষ: ৬০০১০২৬৯৯৪ ।
অথবা ৰাজু বৰাৰ পত্নীৰ একাউণ্টত ইচ্ছুক লোকে আৰ্থিক সহায় আগবঢ়াব পাৰিব।
বেংক একাউণ্টৰ সবিশেষ: Account Holder : Dipshikha Gogoi ,Account No: 30145533327,IFSC : SBIN0004273
SBI Kaliabor. Dist: Nagaon ( Assam)
আপোনাৰ এধানি সহায়ে নতুন জীৱন দিব পাৰে এইগৰাকী যুৱক ৰাজুক।