জাতিৰ পিতা মহাত্মা গান্ধীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল হিন্দুত্ববাদী নেতা কালীচৰণ মহাৰাজ।
২৬ ডিচেম্বৰত ৰায়পুৰত কালিচৰণ মহাৰাজে মহাত্মা গান্ধীক হত্যা কৰাৰ বাবে নাথুৰাম গডছেক প্ৰশংসা কৰিছিল। তেওঁ লগতে কৈছিল যে ধৰ্মৰ সুৰক্ষাৰ বাবে এজন হিন্দু নেতাক চৰকাৰৰ মুৰব্বী হিচাপে নিৰ্বাচিত কৰা উচিত।
মহাত্মা গান্ধীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ পিছতে ধৰ্মীয় নেতাজনক মধ্যপ্ৰদেশৰ খাজুৰাহোৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য ৰায়পুৰত অনুষ্ঠিত ধৰ্ম সংসদ কালীচৰণ মহাৰাজে জাতিৰ পিতাৰ বিৰুদ্ধে মন্তব্য কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছতে হিন্দুত্ববাদী নেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।
ভিডিঅ’টোত কালিচৰণে কেৱল গান্ধীৰ বিৰুদ্ধে কটু মন্তব্য কৰাই নহয়, অনুষ্ঠানটোত তেওঁৰ হত্যাকাৰী নাথুৰাম গডছেকো প্ৰশংসা কৰিছিল।
কালিচৰণ মহাৰাজ মধ্য প্ৰদেশৰ খাজুৰাহোৰ পৰা ২৫ কিলোমিটাৰ দূৰত থকা বাগেশ্বৰ ধামৰ ওচৰত এটা ভাড়াঘৰত আছিল।
ৰায়পুৰ আৰক্ষীয়ে আজি পুৱা ৪ বজাত তেওঁক গ্ৰেপ্তাৰ কৰে। ৰায়পুৰৰ আৰক্ষী অধীক্ষক প্ৰশান্ত আগৰৱালে এই কথা জানিবলৈ দিয়ে।
ৰায়পুৰৰ টিক্ৰাপাৰা আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল৷