DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কলিতাসকলৰ বাবে বিধানসভাত ৪৫খন আসন, চৰকাৰী চাকৰিত ৫০ শতাংশ সংৰক্ষণৰ দাবী

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
December 28, 2019 10:57 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

কলিতা সম্প্ৰদায়ৰ ৰাজনৈতিক অধিকাৰৰ বাবে বিধানসভাত ৪৫খন আসন, লোকসভাত ৪খন আসন আৰু ৰাজ্যসভাত ৩খন আসন সংৰক্ষণৰ দাবী তুলিছে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই।

অসম চৰকাৰলৈ দিয়া এখন পত্ৰত সংগঠনটোৰ সভাপতি অনুপল দত্ত পাঠকে কয়, ‘আমাৰ ৰাজনৈতিক অধিকাৰৰ বাবে, আমি বিধানসভাত ৪৫খন আসন, লোকসভাত ৪খন আসন আৰু ৰাজ্যসভাত ৩খন আসন সংৰক্ষণৰ দাবী জনাইছো।‘

‘১৯৮৮ চনৰ পৰাই আমি অনুসূচিত জনজাতী মৰ্যাদাৰ দাবী জনাই আহিছো, কিন্তু চৰকাৰসমূহে আমাৰ দাবীক উপেক্ষা কৰি আহিছে।‘ তেওঁ লগতে কয়।

পত্ৰখনত সংগঠনটোৱে কলিতা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বানিকান্ত কাকতিৰ নামত জলপানী দিয়াৰ দাবী জনায়। ‘কলিতা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উচ্চ শিক্ষিত যদিও তেওঁলোকে এতিয়ালৈকে কোনো চৰকাৰী জলপানী লাভ কৰা নাই‘-পত্ৰত প্ৰকাশ।

সাধাৰণ শ্ৰেণীত পৰাৰ বাবে কলিতা ছাত্ৰ-ছাত্ৰীসকল যোগ-যোগ ধৰি চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ আহিছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘সেয়ে আমি কলিতা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক পৃথক জলপানী আঁচনি হোৱাটো বিচাৰো।‘

উক্ত পত্ৰত সংগঠনটোৱে কলিতা সম্প্ৰদায়ৰ কাৰণে অহা ৫ বছৰত সকলো চৰকাৰী চাকৰিত ৫০ শতাংশ সংৰক্ষণৰ দাবী তোলে।

ইয়াৰ উপৰি সংগঠনটোৱে UPSC আৰু APSCত কলিতা সম্প্ৰদায়ৰ প্ৰাৰ্থীৰ বাবে কমেও ২খন আসন সংৰক্ষণ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে চিকিৎসা আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ত ৪০ শতাংশ আসন সংৰক্ষণৰ দাবী জনায়।

উক্ত দাবী সমূহৰ উপৰি ৰাজ্য চৰকাৰৰ বিভিন্ন চাকৰিত ক্ষেত্ৰত বৰ্তমানে থকা বয়সৰ উৰ্ধতম সীমা ৩৮ বছৰৰ পৰা ৭ বছৰলৈ বঢ়াই দিবলৈ আহ্বান জনাই সভাপতি গৰাকীয়ে।

পাঠকে লগতে কয় যে চৰকাৰে কলিতা সম্প্ৰদায়ৰ ইতিহাস ৰাজ্যৰ চৰকাৰৰ অধীনস্থ মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা উচিত।

Recent News

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd