কলকাতাৰ প্ৰবঞ্চকৰ হাতত লাঞ্ছিত অসমৰ হজ যাত্ৰী

কলকাতাৰ প্ৰবঞ্চকৰ কবলত পৰি কলকাতাৰ বিমানবন্দৰত আবদ্ধ হৈ আছে অসমৰ ৯৫ জন হজ যাত্ৰী। এই ঘটনাই বৰ্তমান হজ যাত্ৰীসকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। তোলপাৰ লাগিছে ৰাজ্যিক হজ কমিটীত।

ঘটনাৰ বিৱৰণী মতে আটাইকেইজন হজ যাত্ৰীয়ে হজ যাবলৈ ‘আলহবিবি’ নামৰ কলকাতাৰ এটা ট্ৰেভেল এজেঞ্চিৰ লগত চুক্তিবদ্ধ হৈছিল।

কাছাৰৰ হজ যাত্ৰী উধাৰন্ধৰ এজন যুৱকৰ মাৰফত এজেঞ্চিটোৰ লগত সম্পূৰ্ণ চুক্তি কৰে। আৰু চুক্তি অনুযায়ী প্ৰতিজন হজযাত্ৰীয়ে ৪ লাখ ২৫ হাজাৰকৈ টকা জমাও দিছিল।

হজ যাত্ৰীসকল কলকাতা বিমানবন্দৰৰ পৰা শ্ৰীলংকা হৈ মক্কা যোৱাৰ কথা আছিল। কিন্তু বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে তেওঁলোকৰ টিকট, ভিছা ভুৱা বুলি ধৰা পৰে। ফলত কলকাতাৰ বিমানবন্দৰতে আবদ্ধ হৈ ৰয় হজ যাত্ৰীসকল।

ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছতে গুৱাহাটীৰ পৰা উপাধ্যক্ষ আমিনুল হকসহ ৰাজ্য হজ কমিটীৰ কেইবাজনো সদস্য কলকাতা গৈ উপস্থিত হৈছেগৈ জানিব পৰা গৈছে।