স্বচ্ছ ভাৰত অভিযানৰ অংশস্বৰূপে অনুষ্ঠিত হোৱা স্বচ্ছ প্ৰসিদ্ধ স্থান শিতানত অসমৰ প্ৰসিদ্ধ কামাখ্যা দেৱালয়ে ভাৰতৰ ভিতৰত তৃতীয় স্বচ্ছ স্থানৰ খিতাপ অৰ্জন কৰে।
শুকুৰবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত এই পুৰস্কাৰ আগবঢ়োৱা হ’ব।
কামাখ্যা দেৱালয়ৰ দলৈ মোহিত চন্দ্ৰ শৰ্মা, স্বচ্ছ ভাৰত মিশ্যন অসমৰ নিৰ্দেশক মোহন লাল চুৰেখাৰ লগতে বিশিষ্ট ব্যক্তিসকলে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
ভাৰতৰ প্ৰসিদ্ধ স্থল সমূহ পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্যে স্বচ্ছ ভাৰত অভিযানৰ অংশস্বৰূপে স্বচ্ছ প্ৰসিদ্ধ স্থল অভিযানৰ উদ্যোগ গ্ৰহণ কৰা হৈছিল।
খোৱাপানী আৰু স্বচ্ছতা মন্ত্ৰ্যালয়ৰ উদ্যোগত আৰু নগৰ উন্নয়ন মন্ত্ৰ্যালয়, পৰ্যটন মন্ত্ৰ্যালয় আৰু বিভাগীয় ৰাজ্যসমূহৰ সহযোগত এই উদ্যোগ গ্ৰহণ কৰা হৈছিল।
দেশৰ প্ৰসিদ্ধ স্থল সমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে তিনিটা পৰ্যায়ত এই উদ্যোগ গ্ৰহণ কৰিছিল।
প্ৰথম পৰ্যায়ত কামাখ্যা দেৱালয়ৰ উপৰিও, বৈষ্ণদেৱী মন্দিৰ, ছত্ৰপতি শিবাজী টাৰ্মিনাছ, তাজ মহল, তিৰুপতি মন্দিৰ, স্বৰ্ণ মন্দিৰ, মনিকাৰ্নিকা ঘাট, আজমীৰ চৰিফ দৰগাহ আদি স্থলসমূহ অন্তৰ্ভূক্ত হৈ আছিল।