DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুনৰ অখিল গগৈৰ সংগ এৰিলে কমল কুমাৰ মেধিয়ে

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
April 19, 2022 5:55 pm
পুনৰ অখিল গগৈৰ সংগ এৰিলে কমল কুমাৰ মেধিয়ে

ফাইল ফটো

247
VIEWS
Share on FacebookShare on Twitter

ৰাইজৰ দল গঠন হোৱাৰ পূৰ্বে বা কা বিৰোধী আন্দোলনৰ সময়ত শিৱসাগৰৰ অখিল গগৈৰ সৈতে একেলগ হোৱা কমল কুমাৰ মেধিয়ে ৰাইজৰ দলৰ পৰা পদত্যাগ কৰে।

ৰাইজৰ দলৰ উপ সভাপতি পদৰ লগতে প্ৰাথমিক সদস্য পদো ত্যাগ কৰে কমল কুমাৰ মেধিয়ে।

যোৱা ১২ এপ্ৰিলৰ দিনাই মেধিয়ে পদত্যাগ কৰে যদিও ফেচবুকযোগে আজিহে কথাটো ৰাজহুৱা কৰে।

পদত্যাগ কৰা কথাটো ৰাজহুৱা নকৰাৰ কাৰণটো ফেচবুক পোষ্টৰ জৰিয়তে উল্লেখ কৰি মেধিয়ে কয় “মোৰ পদত্যাগৰ বিষয়টো দলৰ বাবে এটা নেতিবাচক ইছ্যুত পৰিণত নহওক ৷ মই মনে মনে আঁতৰি দিম, দিন যোৱাৰ পিছত মানুহে গম পালেও দলৰ একো ক্ষতি নহয় তেতিয়া ৷ মোৰ মনৰ ভিতৰত থকা অভিযোগবোৰো আৰু ৰাজহুৱা নকৰোঁ, যদিও ক’বলৈ বহু কথাই আছে ৷ মই সম্পূৰ্ণ ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িছিলোঁ ৷”
ইপিনে, ৰাইজৰ দলৰ কৰ্ণধাৰ কমিটিয়ে কমল কুমাৰ মেধিৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাছিল বুলি ফেচবুকযোগে তেওঁ সদৰী কৰে।

“মই যিহেতু পদত্যাগ কৰিছিলোঁ, গতিকে মই মিটিঙলৈ যোৱাৰ প্ৰশ্নই নুঠে ৷ কিন্তু কালিৰ কৰ্ণধাৰ সমিতিৰ সভাই মোৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় আৰু সভাৰ শেষত সভাপতি অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত কৰ্ণধাৰ সমিতিখন আমাৰ ঘৰলৈ আহে ৷ তেওঁলোকে মোৰ পদত্যাগ পত্ৰখন গ্ৰহণ নকৰাৰ প্ৰস্তাৱটো সন্দৰ্ভত মোক জনায় আৰু পিছদিনাৰ অৰ্থাৎ আজিৰ বিষয়ববীয়াৰ সভাত উপস্থিত থাকিবলৈ কয় ৷ দলৰ সভাপতিকে ধৰি কৰ্ণধাৰ সমিতিৰ মাননীয় সদস্যসকলৰ এই আহ্বানৰ প্ৰতি সন্মান জনাই মই আজিৰ বিষয়ববীয়াৰ সভাত সৌজন্যতাৰ খাটিৰত উপস্থিত হওঁ ৷

লগতে মই এই কথাও স্পষ্ট কৰি দিওঁ যে সভাপতিকে ধৰি কৰ্ণধাৰৰ সদস্যসকলৰ আহ্বানৰ প্ৰতি সন্মান জনাই মই আজিৰ সভাত উপস্থিত হৈছোঁ যদিও মই পদত্যাগ পত্ৰখন প্ৰত্যাহাৰ নকৰোঁ ।“ ফেচবুকত কমল কুমাৰ মেধিয়ে লিখি এইদৰে কয়। ইপিনে, আজি কৰ্ণধাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হোৱাৰ সময়তে এটা বিষয়ক কেন্দ্ৰ কৰি কমল কুমাৰ মেধি আৰু অন্য এজন নেতাৰ মাজত যুক্তি তৰ্ক হোৱা বুলিও তেওঁ সদৰী কৰে।

এই সম্পৰ্কত তেওঁ কয় “মই ভাবি আছিলোঁ যে সভাত বিশেষ বক্তব্য নিদিয়াকৈ কিছু সময় বহি সভাপতিক মাত লগাই মই উঠি আহিম ৷ কিন্তু সেই সময়তে এটা বিষয়ক লৈ একপ্ৰকাৰ বিতৰ্ক আৰম্ভ হৈছিল ৷ এগৰাকী নেতাই বিষয়টো সন্দৰ্ভত অলপ বেলেগকৈ ব্যাখ্যা আগবঢ়াই থকাত মই আচল কথাটো সভাত উল্লেখ কৰি দিলোঁ ৷ লগে লগে বিষয়টোক লৈ যুক্তি-তৰ্ক আৰম্ভ হ’ল ৷ একেলগে কেইবাজনেও ঠিয় হৈ ক’বলৈ ধৰিলে ৷  তাৰপিছত সেই নেতাই এইবাৰ মোক উদ্দেশ্যি ক’বলৈ ধৰিলে যে মই হেনো বিজেপিৰ এজেণ্ট হৈ সভাত গণ্ডগোল লগাই দিছোঁ ৷

”তাৰ প্ৰত্যুত্তৰত কমল কুমাৰ মেধিয়ে কয় “মই বোলো কোনো কাৰণ নোহোৱাকৈ মই যদি বিজেপিৰ এজেণ্ট হ’ব পাৰোঁ- তেন্তে আপুনি এআইইউডিএফ বা অলকায়দাৰ এজেণ্ট ৷”অৱশ্যে তাৰ পিছৰ পৰিস্থিতিৰ কথা উল্লেখ কৰাৰ পৰা বিৰত থাকিল কমল কুমাৰ মেধি। তেওঁ বৰ্তমানলৈকে কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ পৰিকল্পনা কৰা নাই বুলি পোষ্টযোগে উল্লেখ কৰে।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd