কমল ফুলিব বিজপিত! কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব পাৰে কমল নাথে 

নিৰ্বাচনৰ আগে আগে সংকট নামি আহিছে কংগ্ৰেছলৈ। ইজনৰ পিছত সিজনকৈ বিৰোধী নেতাই যোগদান কৰিছে কংগ্ৰেছত।

মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ আৰু তেওঁৰ পুত্ৰ নকুল নাথে বিজেপিত যোগদান কৰিব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

শনিবাৰে দিল্লীত উপস্থিত হৈছে কমল নাথ। দিল্লীক উপস্থিত হোৱাক লৈ ৰাজনীতিকজনে বিজেপিত যোগদান কৰাৰ সম্পৰ্কে অধিক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

অৱশ্যে বিজেপিত যোগদান কৰিছে নেকি বুলি সাংবাদিকে সোধাত নাথে কয়, “যদি এনেকুৱা হয়, তেন্তে মই প্ৰথমে আপোনালোকক জনাই দিম।”

ইয়াৰ পূৰ্বে কমল নাথৰ বিজেপিত যোগদানক লৈ জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছিল। কাৰণ তেওঁৰ প্ৰাক্তন মিডিয়া উপদেষ্টা তথা বিজেপিৰ মুখপাত্ৰ নৰেন্দ্ৰ চালুজাই সামাজিক মাধ্যমত কমল নাথ আৰু তেওঁৰ পুত্ৰৰ ফটো পোষ্ট কৰি কেপচনত “জয় শ্ৰী ৰাম” লিখিছিল।

এই জল্পনা-কল্পনাৰ সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী দিগ্বিজয়া সিঙে কয় যে তেওঁ শুকুৰবাৰে নিশা কমল নাথৰ সৈতে কথা পাতিছিল, আৰু লগতে কয় যে “নেহৰু-গান্ধী পৰিয়ালৰ সৈতে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা মানুহজনৰ পৰা আমি কেনেকৈ এই আশা কৰিব পাৰো?”

আনুষংগিক এক ঘটনাত মধ্যপ্ৰদেশৰ সোণকাটচৰ কংগ্ৰেছৰ বিধায়ক সজ্জন সিং ভাৰ্মাই ছ’চিয়েল মিডিয়াত নিজৰ প্ৰফাইলৰ পৰা দলটোৰ ল’গ’ আঁতৰোৱাৰ খবৰ আহিছে।

উল্লেখ্য যে ভাৰ্মাক কমল নাথৰ কঠোৰ সমৰ্থকৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।

ইফালে, কংগ্ৰেছৰ সূত্ৰই সাংবাদিকক জনোৱা মতে, জ্যেষ্ঠ নেতাগৰাকীয়ে দল সলনি কৰাৰ কথা চিন্তা কৰিছে, কিয়নো দলৰ নেতৃত্বই তেওঁক ৰাজ্যসভাৰ টিকট দিবলৈ অস্বীকাৰ কৰিছে। 

অৱশ্যে মধ্যপ্ৰদেশ কংগ্ৰেছৰ মুৰব্বী জিতু পাটোৱাৰীয়ে কয় যে এই জল্পনা-কল্পনা ‘ভিত্তিহীন’। তেওঁ লগতে কয় যে সত্তৰৰ দশকৰ পৰাই কমল নাথ কংগ্ৰেছৰ সৈতে আছে। ১৯৮০ চনত যেতিয়া কমল নাথে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল তেতিয়া ইন্দিৰা গান্ধীয়ে তেওঁক তৃতীয় পুত্ৰ বুলি অভিহিত কৰিছিল…ইন্দিৰা গান্ধীৰ তৃতীয় পুত্ৰই কংগ্ৰেছ এৰিব বুলি কোনোবাই সপোনতো দেখিব পাৰেনে?”