কমলাকান্ত গগৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ নিৰ্বাচিত

Sankar sangha.photo.jpg 2

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলা কান্ত গগৈ। ফাইল ফটো।

উত্তৰ-পূব ভাৰতৰ সৰ্ব বৃহৎ ধৰ্মীয়, সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰৱৰ্তী পদাধিকাৰ হিচাপে নিৰ্বাচিত হৈছে কমলাকান্ত গগৈ। আজি ঘোষণা কৰা নিৰ্বাচনৰ ফলাফলত কমলাকান্ত গগৈয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী ড০ নৱকৃষ্ণ ৰাজখোৱাক পৰাজিত কৰি পদাধিকাৰ নিৰ্বাচিত হয়।

সংঘৰ নতুন পদাধিকাৰ হিচাপে গগৈয়ে অহা ফেব্ৰুৱাৰিত মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া ৮৮ সংখ্যক বাৰ্ষিক অধিৱেশনত কাৰ্যভাৰ গ্ৰহণ কৰিব।

১৯৭১ চনৰ পৰা সংঘৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ থকা গগৈ ইয়াৰ পূৰ্বে তিনিটা কাৰ্যকালৰ বাবে উপ পদাধিকাৰৰ দায়িত্বত আছিল।

ইয়াৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ সভাপতি আৰু সংঘৰ ডিব্ৰুগড় জিলাৰ সভাপতি হিচাপেও গগৈয়ে কাৰ্যনিৰ্বাহ কৰিছিল।

নামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিস্থাপক শিক্ষক হিচাপে চাকৰিজীৱন আৰম্ভ কৰা গগৈয়ে ২০০৩ চনত অৱসৰ লৈছিল।

নতুন পদাধিকাৰ হিচাপে নিৰ্বাচিত গগৈয়ে ২০০৮ চনত ভাৰত চৰকাৰৰ বি আৰ আম্বেদকাৰ বঁটা লাভ কৰিছিল।

আনহাতে, ২০১০ চনত তেওঁ বাংগালোৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ধৰ্মসভাত ভাগ লৈ মহাপুৰুষীয়া ধৰ্মক প্ৰতিনিধিত্ব কৰিছিল।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ হিচাপে নিৰ্বাচিত কমলাকান্ত গগৈৰ জন্ম ১৯৪১ চনৰ ২৫ অক্টোবৰত শিৱসাগৰ জিলাৰ মেজেঙা খঙীয়াগাঁৱত।

তেওঁৰ পিতৃ আছিল প্ৰয়াত শুভ চন্দ্ৰ গগৈ আৰু মাতৃ প্ৰয়াত শুক্ৰেশ্বৰী গগৈ।

ফলাফল ঘোষণাৰ পাছতেই নৱ নিৰ্বাচিত পদাধিকাৰ গৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আদৰ্শেৰে অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকক এক কৰি দয়া, প্ৰেম, ভাতৃত্বৰে সমাজখনক এক কৰাই প্ৰধান উদ্দেশ্য হ’ব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে।

‘‘স্বৰ্গদেও চাওলুং চ্যুকাফাই সাত ৰাজ মাৰি এক ৰাজ কৰি অসমীয়া জতি গঢ় দিলে আৰু মহাপুৰুষ শংকৰদেৱে আধ্যাত্মিক ধৰ্ম দৰ্শনেৰে এখন বৃহত্তৰ অসমীয়া সমাজ প্ৰতিস্থা কৰিলে। যিখন সমাজত কোনো উচ্চ আসন বা নীচ আসন নাই। সমস্ত হৰিভকতক একে আসনত বহুৱাই মানুহৰ মৰ্যাদা ৰক্ষা কৰি সকলোকে এক কৰি ৰাখিলে। গতিকে আমাৰ উদ্দেশ্যও সেয়ে হ’ব কোনেও যাতে আমাৰ সমাজখনৰ পৰা আঁতৰি যাব নোৱাৰে আৰু যিসকল আঁতৰি গৈছে তেওঁলোকক সেৱাৰে পুনৰ ওভতাই অনাৰ বাবে আমি কাম কৰি যাম,‘’-পদাধিকাৰ গগৈয়ে এইদৰে কয়।