দিচপুৰ ট্ৰাইবেলসকলক ঘূৰাই দিয়ক : কমলাকান্ত মুছাহাৰী
দিচপুৰ অঞ্চলটো বড়ো, ৰাভা কাৰ্বি আৰু অন্যান্য ভূমিপুত্ৰসকলৰ মাটি। গতিকে দিচপুৰ খিলঞ্জীয়া জনজাতীয় লোকসকলক ঘূৰাই দিব লাগে। এই দাবী তুলিছে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ প্ৰধান সম্পাদক কমলাকান্ত মুছাহাৰীয়ে। আজি জনজাতি জিৰণি চ’ৰাত ট্ৰাইবেল যৌথ সমন্বয় সমিতিয়ে আয়োজন কৰা সংবাদমেলত তেওঁ এই দাবী কৰে।
“অসমৰ ৰাজধানী দিচপুৰ আমাক ঘূৰাই দিয়ক। এইবোৰ বড়ো, ৰাভা, কাৰ্বি আৰু অন্যান্য ভূমিপুত্ৰৰ মাটি।” কমলাকান্ত মুছাহাৰীয়ে কয়।
আনহাত, উক্ত সংবাদমেলতে তেওঁ মুখ্য মন্ত্ৰীৰ ‘বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়াম’ৰ শ্ল’গান আওৰাই কয়, “তেওঁৰ ভাষাৰেই কৈছো, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ-ভৈয়াম মিলি মুখ্য মন্ত্ৰীকে ধৰি ৬গৰাকী ভূমি পুত্ৰ জনজাতীয় মন্ত্ৰী আছে। তেওঁৰ দিনত উচ্চতম ন্যায়ালয়ত লাখ লাখ টকা খৰচ কৰি যাব লাগিব বুলি ভবা নাই। অসম বিধানসভাতে জনজাতীয় লোকৰ ভূমি সুৰক্ষাৰ কিবা হেস্ত-নেস্ত হ’ব লাগে।”
তেওঁ লগতে ‘ৰাজধানী ক্ষেত্ৰ উন্নয়ন আইন ২০১৭’ সংশোধন কৰিবই লাগিব বুলি দাবী তুলি লগতে কয়, “মাটি থাকিলেহে ভেটি থাকিব, ভেটি থাকিলে মানুহ থাকিব, মানুহ থাকিলে ভাষা-সংস্কৃতি থাকিব।”
আনহাতে, ‘মাটি যদি পাঞ্জাবী, মাৰোৱাৰী আৰু অন্যান্য বণিয়াৰ হাতত যায়, ক’ত থাকিব’ বুলি মন্তব্য কৰি মুছাহাৰীয়ে কয় “বড়োসকলে কিবাকৈ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত মাটি এডোখৰ পালে, কিন্তু ৰাজধানী সম্প্ৰসাৰণৰ নামত ৰাভা, তিৱা, ডিমাছাৰ ভাষা-সংস্কৃতি শেষ হৈ যাব দিব নোৱাৰি।”
“কেবিনেটত ৬জনকৈ জনজাতীয় মন্ত্ৰী থকাৰ পাছতো আমি ৰাজধানী সম্প্ৰসাৰণৰ নামত মাটি এৰি পলাই যাব নোৱাৰো। যদি তেনেই কৰিব বিচাৰিছে তেন্তে দিচপুৰখনেই আমাক ঘূৰাই দিয়ক। দিচপুৰ আমাৰ বড়ো, ৰাভা, কাৰ্বিৰ মাটি। ৰাজধানী নগাওঁ, মৰিগাওঁ ক’ৰবাত লৈ যাওক।” এইদৰে কয় মুছাহাৰীয়ে।
আনহাতে মহন্তক প্ৰশংসা কৰি কয়, “প্ৰফুল্ল মহন্তই তেওঁৰ সময়ত ৰাজধানীখন নগাৱঁলৈ নিবলৈ লৈ ভাল সিদ্ধান্তই লৈছিল। শৰৎ সিংহই মেঘালয়ৰ গাৰো-খাচিসকলৰ পৰা খেদা খাই বড়ো, ৰাভা কাৰ্বিসকলৰ মাটিখিনিহে পালে নেকি?”