আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কামৰূপ জিলা উপায়ুক্তৰ সংবাদমেল

IMG-20181108-WA0068

ফটো : নৰ্থ-ইষ্ট নাও

ৰাজ্যৰ আন আন জিলাৰ লগতে কামৰূপ জিলাতো অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হব লগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হোৱাৰ লগতে ৭ নৱেম্বৰৰ পৰা মনোনয়ন পত্ৰ প্ৰদান কৰা হৈছে বুলি আজি কামৰূপ জিলা উপায়ুক্ত তথা কামৰূপ নিৰ্বাচন বিষয়া কমল কুমাৰ বৈশ্যই এক সংবাদ মেলত সদৰী কৰে।

কামৰূপ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াসকলে জনোৱা অনুসৰি  এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত জিলাখনৰ জালুকবাৰী, হাজো, বকো, ছয়গাঁও, পলাশবাৰী সমষ্টিৰ ১৩খন জিলা পৰিষদ, ৯৯খন আঞ্চলিক পঞ্চায়ত আৰু ৯৯০ গৰাকী পঞ্চায়তৰ সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

অতিৰিক্ত উপায়ুক্ত গুনজিৎ ৰায় চৌধুৰীৰ তথ্য অনুসৰি জিলাখনৰ মুঠ ভোটাৰৰ সংখ্যা ৮,০৭৭৬৫ জন, ইয়াৰে পুৰুষ ভোটাৰ ৪,১১৬০৩ আৰু মহিলা ভোটাৰৰ সংখ্যা ৩,৯৪৯৪২ গৰাকী। আনহাতে জিলাখনৰ ১১২৫টা কেন্দ্ৰত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব বুলি জনায়।

ইয়াৰ উপৰি ৩২৩ টা কেন্দ্ৰ স্পৰ্শকাতৰ ২৬৬টা কেন্দ্ৰ অতি স্পৰ্শকাতৰ ভোট গ্ৰহন কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে। অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হব লগা নিৰ্বাচনৰ ১২ ডিচেম্বৰত ভোট গননা কৰা হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে কামৰূপ জিলা নিৰ্বাচনী বিষয়াই।

আজিৰ  সংবাদ মেলত উপস্থিত থাকে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য, অতিৰিক্ত  উপায়ুক্ত মুনিন্দ্ৰ নাথ নাটৈ, গুনজিৎ ৰায় চৌধুৰী, সিদ্ধাৰ্থ গোস্বামী, উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া প্ৰনৱ কুমাৰ দত্ত গোস্বামীৰ লগতে জিলাখনৰ  হাজো, বকো, ছয়গাঁও, পলাশবাৰীৰ ৰাজহ চক্ৰ বিষয়া সকল।