দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈ উঠিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। এইবাৰ স্বাধীনতা দিৱস তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব।
কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুয়ে আজি এই সম্পৰ্কে এক সংবাদমেল সম্বোধন কৰে।
তেওঁ জনোৱা মতে ১৫ আগষ্টত খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস আয়োজন কৰা হ’ব। ইয়াত বিদ্যালয়, মহাবিদ্যালয়ৰ লগতে বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰাও সহযোগিতা আশা কৰিছে জিলা প্ৰশাসনে।
আনহাতে এইবাৰ স্বাধীনতা দিৱসৰ দিনা ছাত্ৰ-ছাত্ৰীৰ বাবে দেশভক্তিমূলক চিনেমা দেখুওৱাৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দি মহানগৰীৰ চিনেমা হলত বিনামূলীয়াকৈ দেশপ্ৰেমমূলক ছবি দেখুওৱা হ’ব বুলি তেওঁ কয়। এইক্ষেত্ৰত ইতিমধ্যে হলৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতিছে কামৰূপ মহানগৰ প্ৰশাসনে।
ইয়াৰ উপৰি বিশেষ পাৰদৰ্শিতা দেখুওৱা আৰক্ষী বিষয়াক পুলিচ মেডেল, স্বাধীনতা সংগ্ৰামীসকলক বিশেষভাৱে সম্বৰ্ধনা আৰু সাহসিকতাৰ পৰিচয় দিয়া ব্যক্তিক বীৰ চিলাৰায় বঁটাৰে সন্মানিত কৰিব।
১৩ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া কাৰ্যসূচীৰ প্ৰথম দিনা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা, বক্তৃতা আৰু চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ৰচনা আৰু বক্তৃতাৰ বিষয় “দ্যা মাহাত্মা”। বিদ্যালয় আৰু মহাবিদ্যালয় সমূহত অনুষ্ঠিত হ’বলগীয়া উক্ত প্ৰতিযোগিতাৰ প্ৰাইজমানি হ’ব ক্ৰমে ১০ হাজাৰ, ৭৫০০ আৰু ৫০০০ টকা।
স্বচ্ছ ভাৰত অভিযান, মূৰ্তিসমূহৰ পেইণ্টিং, বৃক্ষৰোপন আদিৰ দ্বাৰা আৰম্ভ হ’বলগীয়া প্ৰথমটো দিনৰ কাৰ্যসূচী সন্ধিয়ালৈ স্বদেশ প্রেমমূলক গীত আৰু নাটক প্ৰতিযোগিতাৰে অন্ত পৰিব।
আনহাতে দ্বিতীয় দিনা অৰ্থাৎ ১৪ আগষ্টত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব, ইয়াৰ বিষয় হ’ব স্বাধীনতা সংগ্ৰাম। ইয়াৰ উপৰি উক্ত দিনা নিচাৰ বিৰুদ্ধে সজাগতা আৰু যান-জঁটৰ ওপৰত সজাগতা অভিযান অনুষ্ঠিত কৰা হ’ব।