NORTHEAST NOW (Assamese)

কনকসেন ডেকাক আদালত অৱমাননাৰ অভিযোগত ৫০,০০০ টকা জৰিমনা অথবা ছয়মাহৰ কাৰাদণ্ডৰ ৰায় আদালতৰ

July 11, 2019 3:06 pm · অনিৰ্বাণ পাঠক
কনকসেন ডেকা। উৎস-ইণ্টাৰনেট

সাহিত্যিক, সাংবাদিক তথা দৈনিক অগ্ৰদূত কাকতৰ মূখ্য সম্পাদক আৰু স্বত্তাধিকাৰী কনকসেন ডেকাক বুধবাৰে কামৰূপ মহানগৰ জিলা মূখ্য ন্যায়িক দণ্ডাধীশে আদালত অৱমাননা কৰাৰ দোষত দোষী ঘোষণা কৰি ৫০,০০০ টকা জৰিমনা বিহে।

অসম চৰকাৰৰ শ্ৰম আয়োগৰ তৰফৰ পৰা দাখিল কৰা চি চি ১৭৭৯/১৪ গোচৰৰ ৰায় অনুসৰি দণ্ডাধীশ এছ ধৰৰ আদালতে ডেকাক জৰিমনা আদায় নিদিলে ছয়মাহৰ কাৰাদণ্ডৰো ৰায় দিয়ে।

উল্লেখযোগ্য যে, কাকতখনৰ পূৰ্বৰ সাংবাদিক বিকাশ শৰ্মাই কাকতখনৰ প্ৰকাশক গোষ্ঠীক ৱাছাৱট দৰমহা আয়োগৰ প্ৰতিবেদন কাৰ্য্যকৰী কৰাৰ বাবে দাবী জনোৱাৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল।

শৰ্মাই এই অন্যায়ৰ বিৰুদ্ধে আদালতৰ ওচৰ চপাত গুৱাহাটী শ্ৰম আদালতে ২০০৪ চনত তেওঁৰ বৰ্খাস্ত বেআইনী বুলি ৰায় প্ৰদান কৰিছিল আৰু পৰৱৰ্তীসময়ত শ্ৰম আদালতৰ ৰায় বাহাল ৰাখি শীৰ্ঘে শৰ্মাক চাকৰিলৈ ঘুৰাই অনাৰ বাবে গুৱাহাটী উচ্চন্যায়ালয়ে নিৰ্দেশ দিছিল।

গুৱাহাটী উচ্চন্যায়ালৰ ৰায়ৰ পাছতো অগ্ৰদূত কাকত গোষ্ঠীয়ে শৰ্মাক চাকৰিলৈ ঘুৰাই অনা নাছিল আৰু তেওঁৰ পাবলগীয়া প্ৰাপ্তও আদায় দিয়া নাছিল যাৰবাবে ২০১৪ চনত কামৰূপ জিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত কামৰূপ জিলাৰ সহকাৰী শ্ৰম আয়ুক্তই গোচৰ ৰুজু কৰে।

শ্ৰম আয়ুক্তৰৰ গোচৰৰ ভিত্তিতে আদালতে মঙলবাৰে কনকসেন ডেকাৰ উপস্থিতিত আদালত অৱমাননাৰ শাস্তিৰ ৰায়দান দিয়ে।

এগৰাকী প্ৰবীণ সাংবাদিকে এনেদৰে মহামান্য আদালতক অৱমাননা কৰা বিষয়টোৱে যথেষ্ঠ তাৎপৰ্য্য বহন কৰিছে।

 

Related News