সমগ্ৰ ৰাজ্য বৰ্তমান বানপানী আৰু জাপানীজ এনকেফেলাইটিছৰ কৱলত ককবকাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
ৰাজ্যত ক্ৰমান্বয়ে কালৰূপ ধাৰণ কৰা জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগী সন্দৰ্ভত চিকিৎসা বিভাগৰ চৰকাৰী তথ্য দাঙি ধৰে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ছ’চিয়েল মিডিয়াযোগে শৰ্মাই অসমৰ বৰ্তমান বিভিন্ন জিলাৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ তথ্য দাঙি ধৰে।
শৰ্মাই উল্লেখ কৰা চৰকাৰী তথ্য অনুসৰি সমগ্ৰ অসমৰ বিভিন্ন ৰাজ্যৰ চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত মুঠ ১৪০ গৰাকী জাপানীজ এনকেফেলাইটিছ আৰু এ ই এছ ৰোগী চিকিৎসাধীন হৈ আছে।
আনহাতে, চিকিৎসাধীন হৈ থকা মুঠ ১৪০ গৰাকী ৰোগীৰ ভিতৰত ১০৩ গৰাকী ৰোগী বিভিন্ন চৰকাৰী চিকিৎসালয়ত আৰু ৩৭ গৰাকী ৰোগী ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে.
তদুপৰি, মুঠ ১৪০ গৰাকী ৰোগীৰ ভিতৰত বৰ্তমান ১০ গৰাকী সংকটজনক অৱস্থাত ভেল্টিলেটৰত আৰু ৪০ গৰাকী আই চি য়ুত চিকিৎসাধীন হৈ আছে।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে জাপানীজ এনকেফেলাইটিছ সম্পৰ্কে এখন সংবাদমেল আয়োজন কৰি হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো চৰকাৰী চিকিৎসালয়ত জাপানীজ এনকেফেলাইটিছ ৰোগৰ চিকিৎসা আৰু ঔষধ বিনামূলীয়া কৰাৰ কথা ঘোষণা কৰিছিল।
ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীসকলেও চৰকাৰৰ তৰফৰ পৰা ১ লাখ টকা পৰ্য্যন্ত আৰ্থিক সাহায্য লাভ কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ঘোষণা কৰিছিল।