Kangana Ranaut কথাতে কটা যায় কথাতে বঁটা পায়! পুনৰ কি কথাৰে বিতৰ্কত সোমাই পৰিল অভিনেত্ৰী কংগনা ৰাণাৱট?

WhatsApp Image 2021-11-12 at 7.59.58 AM

কংগনা ৰানাৱট।

Kangana Ranaut পুনৰ বিতৰ্কত সাঙোৰ খাই পৰিছে আজৱ আৰু পক্ষপাতদুষ্ট মন্তব্যৰে সততে চৰ্চাত থকা অভিনেত্ৰী কংগনা ৰানাৱট। শেহতীয়া এটা মন্তব্যৰ ওপৰত ভিত্তি কৰি কংগনাৰ বিৰুদ্ধে এখন অভিযোগ পত্ৰ দাখিল কৰিছে আম আদমী পাৰ্টিৰ নেত্ৰী প্ৰীতি মেননে।

মুম্বাই আৰক্ষীক দিয়া অভিযোগ পত্ৰখনত কংগনাৰ ওপৰত ৫০৪, ৫০৫ আৰু ১২৪এ ধাৰাৰ অধীনত এটা দেশদ্ৰোহীতাৰ গোচৰ ৰুজু কৰিবলৈ আবেদন কৰা হৈছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ টাইমছ নাওৱে আয়োজন কৰা এটা অনুষ্ঠানত কংগনাই এটা মন্তব্য কৰিছিল। তেওঁ কৈছিল যে ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ লোৱাৰ পৰাহে ভাৰতে স্বাধীনতা লাভ কৰিছে। ইয়াৰ পূৰ্বে ১৯৪৭ চনৰ স্বাধীনতা আছিল ব্ৰিটিছৰ পৰা লোৱা এক ভিক্ষাহে!

তদুপৰি কংগনাই কয় যে কংগ্ৰেছ হৈছে ব্ৰিটিছৰাজৰেই এটা সম্প্ৰসাৰণ আৰু ২০১৪ চনতহে ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিছে।

Also Read: ভাৰতত নহয়, আমেৰিকাত হিন্দু মন্দিৰ নিৰ্মাণকাৰী ভাৰতীয় শ্ৰমিকৰ ওপৰত কৰা হৈছে অকথ্য শোষণ

কংগনাৰ এই মন্তব্যৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি সাংসদ বৰুণ গান্ধীয়েও। নিজৰ দলৰেই কেতবোৰ নীতিৰ প্ৰতি বিতুষ্ট গান্ধীয়ে এই সম্পৰ্কত এটা টুইট কৰে।

টুইটত বৰুণ গান্ধীযে লিখে যে কংগনাই মহাত্মা গান্ধী, মংগল পাণ্ডে, ৰাণী লক্ষ্মীবাই, ভগৎ সিং, চন্দ্ৰশেখৰ আজাদ, নেতাজী সুভাষ চন্দ্ৰ বসুকে ধৰি লাখ লাখ স্বাধীনতা সংগ্ৰামীৰ অৱদানক অপমান কৰিছে।

গান্ধীয়ে প্ৰশ্ন কৰে যে কংগনাৰ এনেধৰণৰ চিন্তাধাৰাক পাগলামী বুলি অভিহিত কৰা ভাল হ’ব নে  দেশদ্ৰোহীতা বুলি গণ্য কৰা ভাল হ’ব?

উল্লেখযোগ্য যে বিশেষ এটা সম্প্ৰদায়ৰ প্ৰতি ঘৃণাৰ বাৰ্তা প্ৰেৰণ কৰি ইতিমধ্যে কংগনাই টুইটাৰৰ পৰা নিষিদ্ধ হৈ আছে।