কৃষক বিদ্ৰোহকলৈ স্পৰ্শকাতৰ তিপ্পনী, বিতৰ্কত পুনৰ অভিনেত্ৰী কংগনা ৰানাৱট

a Untitled-design4-7

দেশৰ হৃদপিণ্ড স্বৰূপ ৰাজধানী চহৰ নতুন দিল্লীকে ধৰি পঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যত লাখ লাখ কৃষকে ধূসৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ৰাজপথলৈ ওলাই অহাৰ সময়তে বহুতে কৃষকসকলক সমৰ্থন জনাইছে।

ইয়াৰ বিপৰীতে বহুতে কৃষক বিদ্ৰোহক উপলুঙা কৰি টুইট কৰাও পৰিলক্ষিত হৈছে।

কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষক বিৰোধী আইন গ্ৰেহণ কৰাৰ বিৰুদ্ধে দেশৰ কৃষক সমাজ এতিয়া জাগি উঠিছে।

এনে সময়তে টুইটাৰত অভিনেত্ৰী কংগনা ৰানাৱটে কৃষকসকলৰ বিদ্ৰোহকলৈ এক বিশেষ টুইট কৰিছে।

টুইটটোত কংগনাই কৈছে যে কৃষক বিদ্ৰোহৰ নামত একাংশ লোকে নিজৰ ৰুটী মোকলাই আছে।

সেই সকল লোকৰ বাবে যাতে আন এখন নতুন শাহিনবাগৰ সৃষ্টি নহয় সেই বিষয়ত চৰকাৰে গুৰুত্ব দিব লাগে।কংগনাৰ এনে টুইটৰ পিছতে এতিয়া দেশ জুৰি বিতৰ্কৰ সৃষ্টি হৈছে।

বহুতে কংগনাৰ কথাক সমৰ্থন জনোৱাৰ লগতে বহুতে আকৌ কৃষক বিদ্ৰোহক তাচ্ছিল্য কৰা বুলি কংগনাক সমালোচনাো কৰিছে।

উল্লেখ্য দিল্লীৰ কেজৰিৱাল চৰকাৰে সীমিত সংখ্যক কৃষকক দিল্লীত প্ৰৱেশৰ বাবে অনুমতি দিছে। কৃষকসকলে যাতে শান্তিপূৰ্ণ ভাবে আন্দোলন কৰে তাৰ বাবেও কেজৰিৱালে আবেদন জনাইছে।

প্ৰতিবাদী কৃষক সকলে যাতে দিল্লীলৈ আহিব নোৱাৰে তাৰ বাবে হাৰিয়ানাৰ চৰকাৰে ৰাজপথৰ মাজত গাঁত খান্দি দিছে।ফলত বহু কৃষকে গাড়ীৰে দিল্লীলৈ আহিব পৰা নাই।