কংগনাৰ নতুন ‘নাটক’! এইবাৰ পঞ্জাৱত কৃষকৰ আক্ৰমণৰ বলি হোৱা বুলি দাবী

টুইটাৰত নিষিদ্ধ হ'লেও ইনষ্টাগ্ৰামত বোৱাই দিছে পোষ্টৰ ঢল

পুনৰ কংগনাৰ প্ৰসংগই দেশৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। এইবাৰ পঞ্জাৱত কৃষকৰ আক্ৰমণৰ বলি হোৱা বুলি দাবী কৰিছে অভিনেত্ৰীগৰাকীয়ে।

কংগনাৰ বাহনত এইবাৰ কৃষকে আক্ৰমণ কৰাৰ অভিযোগ তুলি অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত দিছে পোষ্টৰ পিছত পোষ্ট।হিমাচল প্ৰদেশৰ পৰা পঞ্জাৱত প্ৰৱেশ কৰাৰ সময়তে একাংশ কৃষকে কংগনাৰ বাহনত আক্ৰমণ চলোৱা বুলি অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।

কৃষকক জেহাদীৰ সৈতে তুলনা কৰি কৃষকৰ ৰোষত পৰিছিল কংগনা।তাৰেই ফলশ্ৰুতিত তেওঁৰ বাহনত আক্ৰমণ চলোৱা বুলি জনতাক পতিয়ন নিয়াব বিচাৰিছে কংগনাই।

কংগনাৰ মতে চণ্ডীগড়-উনা ৰাষ্ট্ৰীয় ঘাইপথৰ কিৰাতপুৰৰ সমীপৱৰ্তী বুংগা চাহিবত কৃষকে তেওঁৰ বাহন খনৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত কৰে।

আক্ৰমণকাৰীসকলে নিজকে কৃষক বুলি কৈছিল কৈছিল বুলি উল্লেখ কৰি কংগনাই ইনষ্টাগ্ৰামত কয় যে কৃষকসকলে তেওঁক উদ্দেশ্যি গালি-গালাজকৰাৰ লগতে তেওঁক হত্যা কৰাৰো ভাবুকি দিছিল।

সেই স্থানত উপস্থিত থকা আৰক্ষীৰ লোককো আনকি কৃষকসকলে গুৰুত্ব দিয়া নাছিল বুলি কংগনাই ইনষ্টাগ্ৰামৰ এটা পোষ্টত উল্লেখ কৰিছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ টাইমছ নাওৱে আয়োজন কৰা এটা অনুষ্ঠানত কংগনাই এটা মন্তব্য কৰিছিল।

তেওঁ কৈছিল যে ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ লোৱাৰ পৰাহে ভাৰতে স্বাধীনতা লাভ কৰিছে। ইয়াৰ পূৰ্বে ১৯৪৭ চনৰ স্বাধীনতা আছিল ব্ৰিটিছৰ পৰা লোৱা এক ভিক্ষাহে!

তদুপৰি কংগনাই কৈছিল যে কংগ্ৰেছ হৈছে ব্ৰিটিছৰাজৰেই এটা সম্প্ৰসাৰণ আৰু ২০১৪ চনতহে ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিছে।

কংগনাৰ এই মন্তব্যৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি সাংসদ বৰুণ গান্ধীয়েও। নিজৰ দলৰেই কেতবোৰ নীতিৰ প্ৰতি বিতুষ্ট গান্ধীয়ে এই সম্পৰ্কত এটা টুইট কৰিছিল।
গান্ধীয়ে প্ৰশ্ন কৰে যে কংগনাৰ এনেধৰণৰ চিন্তাধাৰাক পাগলামি বুলি অভিহিত কৰা ভাল হ’ব নে দেশদ্ৰোহিতা বুলি গণ্য কৰা ভাল হ’ব?

উল্লেখযোগ্য যে বিশেষ এটা সম্প্ৰদায়ৰ প্ৰতি ঘৃণাৰ বাৰ্তা প্ৰেৰণ কৰি ইতিমধ্যে কংগনাই টুইটাৰৰ পৰা নিষিদ্ধ হৈ আছে।

কেন্দ্ৰীয় চৰকাৰে কৃষি আইন তিনিখন বাতিল কৰিবলৈ বাধ্য হোৱাৰ পাছতে দেশখন জিহাদীৰে ভৰি পৰা যেন লাগিছে।

চাৰিওফালে যেন জিহাদী ঘূৰি ফুৰিছে! এই কথা আমি কোৱা নাই। শেহতীয়াকৈ সমাজতত্ব, ইতিহাসকে ধৰি সকলো বিষয়তে হঠা চৰম পাণ্ডিত্যৰ পৰিচয় দি চমক দিয়া বলিউডৰ অভিনেত্ৰী পদ্মশ্ৰী কংগনা ৰানাৱটেও এইধৰণে অনুভৱ ব্যক্ত কৰিছিল।